Local, Vocal, Global

চুলি সৰা কেনেকৈ বন্ধ কৰিব?

প্ৰবচন আছে যে বেছিকৈ চিন্তা কৰিলে চুলি সৰে। চিন্তা কৰিলে চুলি সৰে নে নসৰে সেইটো বেলেগ কথা, কিন্তু চুলি সৰিলে যে চিন্তা বাঢ়ে সেইটো কিন্তু সঁচা।  বৰ্তমান সময়ত যুৱতী-মহিলাসকলৰ চুলি সৰাটো এটা ডাঙৰ সমস্যা। কিন্তু চুলি সৰে কিয়? যিসকলে অত্যধিক ঘামে সেইসকলৰ চুলি সৰাৰ সমস্যাও বেছি।  ঘামত লৱণৰ পৰিমাণ অধিক থাকে বাবে চুলি সৰা সমস্যাই দেখা দিয়ে। গৰমৰ দিনত এচি ৰুমত থাকিলেও চুলিৰ গুড়িবোৰ শুকান হৈ পৰে।  সেয়াও চুলি সৰাৰ অন্যতম কাৰণ। আমি কেইটামান সাধাৰণ উপায় অৱলম্বন কৰি চুলি সৰাটো বন্ধ কৰিব পাৰো। চুলিৰ সতেজতা বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাওক। পানী খালেই চুলি সৰাটো বন্ধ হ’ব। সমান্তৰালভাৱে ছালৰ বাবেও পানী যথেষ্ট উপকাৰী। পানীয়ে চালৰ উজ্বলতা বৃদ্ধি কৰে।