Local, Vocal, Global

পৰকীয়া প্ৰেমত লিপ্ত এগৰাকী বোৱাৰী

পৰকীয়া প্ৰেমত লিপ্ত হোৱা এগৰাকী বোৱাৰীৰ আজৱ কাণ্ডই জোকাৰীছে সমগ্ৰ হোজাই।

হোজাইৰ পূৱ বান্দৰমেলা গাঁৱত চাঞ্চল্যকৰ ঘটনা।

নিশাৰ এন্ধাৰত প্ৰেমিকক ৰাইজে আটক কৰাত বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা এগৰাকী বোৱাৰীৰ।

যোৱা ৩১ জুলাইৰ নিশা সংঘটিত হোৱা এই ঘটনাৰ অভিযোগত মধ্যম চামৰালি গাঁৱৰ প্ৰেমিক মাৰুফ উদ্দিনক ৰাইজে আটক কৰি গতাই দিছিল আৰক্ষীক। আৰক্ষীয়ে ও জেল হাজতলৈ প্ৰেৰণ কৰিছে লম্পট প্ৰেমিক মাৰুফক।

পিছে প্ৰেমিক আটক হোৱাৰ খৱৰ পাই আত্মহত্যাৰ চেষ্টা চলোৱা প্ৰমিকা চিকিৎসাধীন অৱস্থাৰ পৰা সুস্থ হৈ আৰম্ভ কৰিছে ন ন ষড়যন্ত্ৰ।

কেতিয়াবা যদি সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ, আন কেতিয়াবা আকৌ স্বামী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ কৰি গৈছে বোৱাৰী গৰাকীয়ে।

এচাম দালালৰূপী লোকেও এই ষড়যন্ত্ৰত নিৰ্বিকাৰে যোগাইছে ইন্ধন।

যাৰ সুযোগ লৈ এগৰাকী সাংবাদিকৰ বিৰুদ্ধেও  তৰিছে গোচৰ।

ইপিনে বোৱাৰী গৰাকীয়ে গোচৰত উল্লেখ কৰা ঘটনা মিছা তথা ভিত্তিহীন বুলি অভিযোগ তুলিছে বৃহত্তৰ অঞ্চলটোত ৰাইজে।

স্থানীয় শতাধিক লোকে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি হোজাই আৰক্ষী অধীক্ষকক দাখিল কৰিছে অভিযোগ।

ইপিনে ঘটনা পোহৰলৈ অহাত প্ৰেমিকা বোৱাৰী আৰু প্ৰেমিক মাৰুফৰ প্ৰেমজনিত বাৰ্তালাপৰ কিছু অডিঅ কিলিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বাতৰি চাই বোৱাৰী গৰাকীৰ পিতৃৰ মৃত্যু হোৱাৰ আন এক ভুৱা অভিযোগো তুলিছিল বোৱাৰী গৰাকীয়ে। কিন্তু ভাইৰেল হোৱা আন এটা অডিঅই সেয়াও যে ভুৱা অভিযোগ সেই কথা নিশ্চিত কৰিছে। ডবকাৰ পৰা