Local, Vocal, Global

ভূৱা চিম কাৰ্ড প্ৰস্তুত কাৰী চক্ৰ আৰক্ষীৰ জালত

লক্ষীপুৰৰ পৰাই সমগ্ৰ দেশ লৈ যায় ভূৱা চিম:

ভূৱা চিম প্ৰস্তুত কাৰী চক্ৰ আৰক্ষীৰ জালত:

গোৱালপাৰা জিলাৰ লক্ষীপুৰত ভূৱা চিম প্ৰস্তুত কাৰী চক্ৰ আৰক্ষীৰ জালত। লক্ষীপুৰৰ পৰাই সমগ্ৰ দেশ লৈ সৰবৰাহ হয় ভূৱা চিম। আৰক্ষীয়ে ভুৱা চিম প্ৰস্তুত কাৰী চক্ৰ চিনাক্ত কৰি আটক কৰিলে ইমৰান হুচেইন খান, অমৃত হাজঙ আৰু মানবেন্দ্ৰ হাজং নামৰ তিনি গৰাকী সদস্যক। জনা মতে  লক্ষীপুৰস্থিত এয়াৰটেল চিম কোম্পানীৰ ডীলাৰ আৰু বিক্ৰেতা সকলে দীৰ্ঘ  দিনৰ পৰাই ভূৱা চিম প্ৰস্তুত কৰিছিল।

ডীলাৰ আৰু চিম বিক্ৰেতা  সকলে বিভিন্ন  ধৰনৰ কোম্পানীৰ অফাৰৰ লোভত  ভূৱা তথ্যৰে চিম প্ৰস্তুত কৰিছিল। যদি এজন ব্যক্তিৰ তথ্য পাতি লৈছিল সেই তথ্য পাতিৰে কমেও দশ পোন্ধৰ জনৰ চিম প্ৰস্তুত কৰিছিল।

ভূৱা নাম ভূৱা ফটোৰে শ শ ভূৱা চিম প্ৰস্তুত কৰে। জলেশ্বৰৰ বেদেনা খাতুন নামৰ মহিলা জনী মবাইল নাই আৰু ব্যাৱহাৰো কৰিব নাজানে তাইৰ নামতো ভূৱা চিম প্ৰস্তুত কৰি বেলেগ এজনক যোগান ধৰিছে এই চক্ৰই।

ভূৱা চিম প্ৰস্তুত কাৰী চক্ৰ টোত বহু কেইগৰাকী সদস্য আছে যদিও আজিলৈ আৰক্ষীয়ে তিনি গৰাকী সদস্যক  হে আটক কৰিবলৈ সক্ষম  হৈছে।   লক্ষীপুৰৰ পৰা বনোৱা ভূৱা চিম অকল অসমতে নহয় সমগ্ৰ ভাৰততে চলি আছে। আৰু চিম সমূহ দুষ্টচক্ৰই অসৎ কামত ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে।

এই সন্দৰ্ভত লক্ষীপুৰ থানাত  ৪৬৪/২১ নম্বৰত এটা গোচৰ ৰুজু হৈছে। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে আজি সন্ধিয়া লক্ষীপুৰত উপস্থিত  হৈ গোচৰটোৰ সবিশেষ বুজ লয়। চাও আহক আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে সাংবাদিকক সম্বোধন কৰি কি কলে