Local, Vocal, Global

পথাৰত মহিলাই চলালে ভুঁই ৰোৱা মেচিন

জাগীৰোডৰ পথাৰত মহিলাই চলালে ভুঁই ৰোৱা মেচিন

এতিয়া পথাৰত শালি ধান ৰোৱা বতৰ ৷ পানীৰ অভাৱত ক’ৰবাত ভুঁই ৰুব পৰা নাই কৃষকে ৷ ক’ৰবাত পুৰুষ মহিলা ব্যস্ত শাওণৰ পথাৰত ৷ ক’ৰবাত আকৌ মহিলাই টেক্টৰ চলাই চাহ কৰিছে কৃষি ভুমি ৷ পথাৰত দেখা গৈছে জাক জাক ৰোৱনী ৷

জাগীৰোডৰ পলাচু্ঙত দেখা গ’ল এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা জাগীৰোডৰ পলাচু্ঙৰ মহিলা সকলক উন্নত ধানৰ খেতি কৰিবলৈ দিছে ভূঁই ৰোৱা মেচিন ৷

গাওঁ খনৰ মহিলা সকলে এক গোট হৈ কেইবা বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত ৷ কোনোৱে যদি কঠীয়া আনিছে কোনোৱে আকৌ চলাই গৈছে ভূঁই ৰোৱা মেচিন ৷ শাৰী শাৰীকৈ ৰুই গৈছে উন্নত ধানৰ কঠীয়া ৷

মহিলা সকলৰ আশা বৰ্তমান বিজ্ঞানৰ যুগত পুৰণি পদ্ধতিৰ সলনি নতুন পদ্ধতিৰে খেতি কৰিলে হয়ত কম সময় লাগিব আৰু মানুহ কমতে হব লগতে উন্নত ধানৰ ফচলো পোৱা যাৱ ৷

আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বানপানীত নষ্ট নোহোৱা ধানৰ কঠীয়া প্ৰদান কৰা হৈছে বুলি কৃ