পুনৰ কেমেৰাৰ সন্মুখীন হ’বলৈ সাজু দুটি শিশুৰ মাতৃ ইশা দেওল তখতানী
অভিনেত্ৰী ইশা দেওল তখতানী পুনৰ সাজু কেমেৰাৰ সন্মুখীন হ’বলৈ। দুটি শিশুৰ মাতৃ ইশাই ঘোষণা কৰিছে যে তেওঁ লাইট, কেমেৰা আৰু এক্সনৰ বাবে সাজু হৈ আছে। ইশাই পুনৰ অভিনয় জগতলৈ ঘূৰি অহাৰ সুযোগ পোৱাৰ বাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ লগতে ইশাই জনাইছে যে তেওঁ শৰীৰচৰ্চাৰ ওপৰতো পুনৰ মনোনিৱেশ কৰিবলৈ লৈছে৷
অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এখন হিন্দী ছবিৰ শ্বুটিঙৰ কাম শেষ কৰিছে আৰু ছবিখনৰ আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰি আছে।
ইষা দেওলে ইতিমধ্য়ে তেওঁৰ আগন্তুক ছবিখনৰ বিষয়ে সামাজিক মাধ্য়মত প্ৰকাশ কৰিছে।
অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ২০১৯ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা ৰাম কমল মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ছুটি ছবি “কেকৱাকত।