Local, Vocal, Global

ইউৰোপত ভয়াৱহভাৱে বাঢ়িছে উষ্ণতা, যোৱা দুহাজাৰ বছৰৰ ৰেকৰ্ড গঢ়িছে উষ্ণতাই

তীব্র উষ্ণতাই দহিছে সমগ্র ইউৰোপ। অত্যধিক তাপমাত্ৰা বৃদ্ধিৰ ফলত ভয়াৱহ খৰাংজনিত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্র দেশখনত। যোৱা দুহাজাৰ বছৰৰ ভিতৰত এইবাৰৰ তাপমাত্ৰাই ৰেকৰ্ড গঢ়িছে ইউৰোপত। দেশখনৰ বিভিন্ন ঠাইৰ কৃষিক্ষেত্ৰত এতিয়া মেলিছে ছিঁৰাল ফাট।আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘নেচাৰ জিঅ’ ছায়েন্সে’ প্ৰকাশ কৰা এখন পত্ৰত কোৱা হয় যে এই মাত্ৰাধিক তাপমাত্ৰা বৃদ্ধিৰ মূল কাৰণ হৈছে মানুহ নিজেই ।