Local, Vocal, Global

দেশৰ অৰ্থনীতিয়ে ক্ৰমে মুৰ দাঙি উঠাৰ লক্ষণ দেখুৱাইছে, ২১ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী

কৰ’নাৰ তুলনামূলকভাৱে কম সংক্ৰমণ ঘটা দেশৰ ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আজি ভিডিঅ কনফাৰেন্স যোগে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ২১ ৰাজ্যৰ তালিকাত আছিল উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ লগতে পঞ্জাৱ, হাৰিয়ানা, হিমালয় বেল্টৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। বাকী সমূহ ৰাজ্য অৰ্থাৎ কৰ’নাৰ সংক্ৰমণ ভয়াবহ ৰূপে চিহ্নিত হোৱা ৰাজ্য সমুহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত আলোচনা কৰিব কাইলৈ। প্ৰধানমন্ত্ৰীয়ে কয় কৰ’নাই এজনো ভাৰতীয়ৰ প্ৰাণ লোৱাটো অসহনীয়। কিন্তু এই মহামাৰী এতিয়া ডাঙৰ প্ৰত্যাহ্বান পৃথিবীৰ বাবে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এই দীঘলীয়া সংকটৰ সময়ত কৰ’নাৰ বিৰূদ্ধে একত্ৰিত হোৱা দেশবাসীক পুনৰ কৃতজ্ঞতা জনায়। লগতে কয় যে ভৱিষ্যতে যেতিয়া কৰ’নাৰ বিভীষিকা অধ্যয়নৰ বিষয় হৈ পৰিব , তেতিয়া এই সময়ত সকলোৱে কি দৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে যুঁজিছিল সেয়াও হৈ পৰিব চৰ্চাৰ বিষয়। ভৱিষ্যতে কো-অপাৰেটিভ ফেডাৰেলিজিমৰ এই সময়  সৰ্বোৎকৃষ্ট উদাহৰণ হ’ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। লকদাউন শিথিল হোৱাৰ পিছত দেশত বিশেষকৈ কৃষি ক্ষেত্ৰত ব্যাপক সংস্কাৰ হোৱা বুলি মন্তব্য কৰি মোডীয়ে কয় যে কৃষকৰ বাবে লাভৰ সময় সমাগত । স্থানীয় ভাবে উৎপাদিত সামগ্ৰীৰ বজাৰৰ ‘ক্লাছটাৰ বেছড ৰণনীতি’ ৰ কথা দোহাৰি মোডীয়ে কয় এতিয়া ‘লোকেল প্ৰডাক্ট’ চিনি উলিওৱাত গুৰুত্ব দিয়াৰ সময়। প্ৰধানমন্ত্ৰীৰ অভিমত লকদাউনকালীন সংকটৰ পৰা দেশৰ অৰ্থনীতিয়ে মুৰ ডাঙি উঠাৰ লক্ষণ দেখুৱাইছে, এয়া সংকটৰ পিছত শুভ লক্ষণ।   সামগ্ৰিক ভাৱে এই আলোচনাত কৰ’নাৰ বিৰুদ্ধে যুদ্ধ অধিক তীব্রতৰ কৰি তোলাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।