Local, Vocal, Global

আকৌ যুদ্ধ? লাডাখ সীমান্তত চকু দেশবাসীৰ

*চীন ভাৰত সীমান্তত যুদ্ধৰ দামামা ।
*পাঁচ দশকৰ পাছত ভাৰত-চীন সীমান্তত দুই দেশৰ ৰক্তাক্ত সংঘৰ্ষ।
*পূৱ লাডাখৰ গালৱান উপত্যকাক লৈ দুই ৰাষ্ট্ৰৰ তুমুল সংঘৰ্ষ।
*চীনা সৈন্যৰ আক্ৰমনত কৰ্নেলসহ ২০ ভাৰতীয় সেনা ছহিদ।
*চীনা সৈন্যই প্ৰথমে জপিয়াই পৰি হত্যা কৰে ১৬ নং বিহাৰ ৰেজিমেন্টৰ কৰ্নেল সন্তোষ বাবুক
*ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত নিহত ৪৩ চীনা সৈন্য।
*ব্ৰিগেড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ পিচতে যুযুধান সীমান্ত।
*মাজনিশা লোহাৰ ৰড, শিলগুটি, লাঠি লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ।
*বিবৃতি যোগে ভাৰতীয় সেনাৰ মন্তব্য- সীমান্তৰ স্থিতাৱস্থা ভংগৰ বাবে চীনা সেনাৰ প্ৰচেষ্টাৰ পৰিণতিতে সংঘৰ্ষৰ সুত্ৰপাত।
*লাডাখৰ সংঘৰ্ষক লৈ সঘন মন্ত্ৰনা নতুন দিল্লীত।
*পৃথকে পৃথকে প্ৰধানমন্ত্ৰীৰে বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী-গৃহমন্ত্ৰীৰ।
*মুখ্য প্ৰতিৰক্ষা প্ৰধান বিপিন ৰাৱাট,তিনি সেনাৰ মুৰব্বী আৰু বৈদেশিক মন্ত্ৰী জয়শংকৰৰ লগতো জৰুৰী বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
*ভাৰতক চীনৰ সকীয়নি- একপক্ষীয় সিদ্ধান্ত ল’লে জটিল হ’ব পৰিস্থিতি।