ছিকিমৰ এজন গায়কৰ বিশ্বমুখী যাত্ৰা, ‘ফাৰ্ষ্টবৰ্ণ’ত গিৰীশ প্ৰধান
![](https://mynewsne.com/wp-content/uploads/2020/06/IMG-20200624-WA0001.jpg)
ছিকিমৰ যুৱ শিল্পী গিৰীশ প্ৰধানৰ বৃহৎ সাফল্য। বিশ্ববিশ্ৰুত হেভী মেটেল বেণ্ড মেগাডেথৰ প্ৰাক্তন দুই খ্যাতনামা সদস্য ক্ৰিছ এডলাৰ আৰু জেমচ ল’মেঞ্জোৰ লগতে প্ৰসিদ্ধ গীটাৰিষ্ট মাইৰনৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় বেণ্ডত অন্তৰ্ভুক্ত হ’ল ছিকিমৰ জনপ্ৰিয় কন্ঠশিল্পীজন। ২০১৯ চনত ছয় সপ্তাহৰ ভাৰত ভ্ৰমণলৈ আহোতেই মেগাডেথখ্যাত ক্ৰীছ এডলাৰ মুগ্ধ হৈছিল ছিকিম সন্তান গিৰীশৰ কন্ঠত। এটা অনুষ্ঠানত গিৰীশৰ কন্ঠ শুনাৰ পিছতে ক্ৰীছে গীটাৰিষ্ট মাইৰনক জনাই দিছিল, তেওঁলোকে গঠন কৰিব খোজা নতুন বেণ্ডটোৰ বাবে বিছাৰি ফুৰা যোগ্য কন্ঠ শিল্পীজনক বিচাৰি পোৱাৰ কথা।
অৱশেষত বিশ্ব সংগীতৰ মহাতাৰকাৰ মাজত নৱগঠিত আন্ত:ৰাষ্ট্ৰীয় বেণ্ড ফাৰ্ষ্টবৰ্ণৰ সদস্যৰূপে অন্তৰ্ভুক্ত হ’ল ছিকিমৰ যুৱচাঞ্চল্য গিৰীশ প্ৰধান৷