Local, Vocal, Global

চীনক আৰু এসেকা, ভাৰতৰ হাই-ৱে প্ৰকল্পত নিষিদ্ধ চীনা কোম্পানী

গালৱান কাণ্ডৰ পিছত চীনৰ বিৰুদ্ধে অৰ্থনৈতিক আক্ৰমণৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে। ভাৰতবৰ্ষৰ মোবাইল ফোনত চীনা এপ নিষিদ্ধ কৰাৰ পিছত এতিয়া ভাৰতবৰ্ষৰ সকলোবোৰ হাইৱে প্ৰকল্পত চীনা কোম্পানী সমূহক নিষিদ্ধকৰণৰ যো-জা চলিছে। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী য়ে সদৰী কৰিছে এই কথা। আনকি ভাৰতবৰ্ষৰ হাইৱে প্ৰকল্প সমূহত চীনা কোম্পানী বোৰক সহযোগী ৰূপেও ৰখা নহব বুলি স্পষ্ট কৰি দিছে গাডকাৰীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় ৰেলৱেই কেইবাটাও ঠিকা ঠুকলিৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছিল চীনা কোম্পানীক।