Local, Vocal, Global

শুৱালকুছিত কৰ’না আতংক

পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ সচিব ধৰ্মানন্দ পাৰৈ আৰু পঞ্চায়ত খনৰ ৪ নম্বৰ ৱাৰ্ডৰ সদস্যা মইনা ভড়ালীৰ দেহত কভিড পজিটিভ অহাত শুৱালকুছিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পঞ্চায়তখনৰ সভাপতি কবিন দাসে জানিবলৈ দিয়া মতে শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক দাসৰ নিৰ্দেশ মৰ্মে ২৪ জুনত পঞ্চায়ত খনত সভাপতি,কাউন্সিলৰ, সচিব, সদস্য ৯ গৰাকী আৰু তিনি গৰাকী কৰ্মচাৰীকে ধৰি মুঠ ১৫ গৰাকী লোকৰ SWAB সংগ্ৰহ কৰা হৈছিল ৷ SWAB সংগ্ৰহৰ ৬ দিন পিছত ফলাফলত দুজনৰ পজিটিভ আহে ৷ স্বাস্থ্য বিভাগৰ নিয়ম মতে SWAB সংগ্ৰহৰ পিছত ফলাফল নহালৈকে এওঁলোক হোম কোৱাৰেন্টিন হ’ব লাগিছিল যদিও পঞ্চায়তখনৰ সভাপতি, সচিব, কাউন্সিলৰ আৰু সদস্য সকলে প্ৰতিদিনে পঞ্চায়তখনত উপস্থিত হৈ নিয়মীয়া কাম-কাজ কৰাৰ উপৰিও পঞ্চায়তখনলৈ বিভিন্ন কামত অহা বহু সংখ্যক মানুহৰ লগত সম্পৰ্ক কৰে ৷ ইয়াকেলৈ শুৱালকুছিত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ কভিড আক্ৰান্ত সচিবগৰাকীৰ ঘৰ ৰামদিয়াত আৰু সদস্যাগৰাকীৰ ঘৰ শুৱালকুছি বৰ্ডিং ৰোডত ৷ দুয়োগৰাকীকে বৰ্তমান শিঙিমাৰী কভিড চিকিৎসালয়ত চিকিৎসাধীন৷ ইতিমধ্যে স্বাস্থ্য বিভাগে পশ্চিম শুৱালকুছি গাও পঞ্চায়তৰ কাৰ্যালয় আৰু বৰ্ডিং ৰোড অঞ্চলটো সম্পূৰ্ণ ছেনিটাইজেশ্বন কৰিছে ৷   বৰ্তমানলৈ শুৱালকুছিত কভিদ পজিটিভৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে।