Local, Vocal, Global

লখিমপুৰ জিলাত কৰ’নাৰ গণ সংক্ৰমনৰ আশংকা

লখিমপুৰ জিলাত কৰ’নাৰ গণ সংক্ৰমনৰ আশংকা। শেহতীয়াকৈ লখিমপুৰ জিলাৰ এগৰাকী মহিলা আৰু এখন হোটেলৰ স্বত্তাধিকাৰীসহ মেনেজাৰৰ দেহত ধৰা পৰিছে কৰ’না । কণানদীৰ আশা হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকী ক্ৰমে মহানজ্যোতি কলিতা আৰু মেনেজাৰ ধীৰাজ বৰাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ইয়াৰে মহানজ্যোতি কলিতাৰ পৰাই বিভিন্ন জনলৈ সংক্ৰমণৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে।গাঁৱৰে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক টিউচনও কৰিছিল মহানজ্যোতি কলিতাই । দুয়োজনেই সোৱণশিৰি মহাৱিদ্যালয়ৰ কোৱাৰেন্টিন কেন্দ্ৰত খাদ্য যোগান ধৰিছিল ৷ ইতিমধ্যে দুয়োজনৰে সংস্পৰ্শলৈ অহা সকলৰ নামৰ  তালিকা পৰিয়ালে যোগান ধৰিছে জিলা স্বাস্থ্য বিভাগক।