Local, Vocal, Global

গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন

কভিড-১৯ৰ নীতি-নিৰ্দেশনা অৱমাননা কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গোলাঘাট জিলা প্ৰশাসন। জিলাখনত সামাজিক সংক্ৰমণ ৰোধ কৰি এক সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত থকাৰ সময়তে একাংশ অসচেতন লোকে ভৰিৰে মোহাৰি পেলাইছে কভিড-১৯ৰ সকলো নীতি-নিৰ্দেশনা। গোলাঘাট চ’কবজাৰৰ কন্টেইনমেন্ট জ’নত দোকান খুলি নিজৰ প্ৰকৃত পৰিচয় দিলে গোলাঘাটৰ একাংশ ব্যৱসায়ীয়ে। নগৰখনৰ একাংশ সচেতন স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বুধবাৰে গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে উক্ত ব্যৱসায়ীৰ বিৰুদ্ধে। কন্টেইনমেন্ট জ’নত থকা বোৱাৰী নামৰ এখন কাপোৰৰ দোকান আৰু এখন পান দোকানে কভিড-১৯ৰ চৰকাৰী নিৰ্দেশক আওকাণ কৰি খোলা ৰাখিছিল দোকান। গোলাঘাট জিলা প্ৰশাসনে দোকান দুখন ছীল কৰাৰ লগতে দোকান খোলাৰ অনুজ্ঞাপত্ৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনে যদি এনে লোকৰ বিৰুদ্ধে অধিক কঠোৰ নহয় তেন্তে আধাতে ৰ’ৱ কৰ’ণা সংক্ৰামণৰ মূল যুঁজখন।