Local, Vocal, Global

অসমৰ পথ নিৰ্মাণত নাগালেণ্ডৰ বাধা

এইবাৰ অসমভূমিত বেদখল নহয়, অসমৰ চৰকাৰী আঁচনি ৰূপায়ণত বাধা আৰোপ কৰিছে নগালেণ্ডৰ প্ৰশাসনে। নগাৰ অকৰ্তৃত্বশীল বাধাৰ বাবেই সম্প্ৰতি অসমৰ এটা গড়কাপ্তানী পথৰ পুনৰ নিৰ্মাণ কাৰ্য্য বন্ধ হৈ পৰিছে। গোলাঘাট জিলাৰ নগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছিল এই গড়কাপ্তানী পথটো। মেৰাপানী, ক’লাজান হৈ যোৰহাট জিলাক সংযোগ কৰা পথটোৱে পূৰ্বৰ জনতা দলৰ চৰকাৰৰ দিনৰে পৰা অসম আৰু নগালেণ্ডৰ জনসাধাৰণক উপকৃত কৰি আহিছিল। বিগত এমাহ ধৰি পথটোৰ পুনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত অব্যাহত আছিল৷ কিন্তু নগা প্ৰশাসনৰ অভিযোগৰ ভিত্তিত সম্প্ৰতি বন্ধ হৈ পৰিছে এই গুৰুত্বপূৰ্ণ পথটোৰ পুনৰ নিৰ্মাণৰ কাম। নগাই অসমৰ ভূমি বেদখলৰ চক্ৰান্তৰে পথটো বিবদমান ভূমিত নিৰ্মাণ হৈছে বুলি আপত্তি কৰাত সীমান্তত নিয়োজিত CRPFএ বন্ধ কৰি দিছে পথটোৰ নিৰ্মাণৰ কাম। ফলত মঙলবাৰৰ পৰা ঠিকাদাৰপক্ষই পথটো পুনৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰে। বিষয়টো পোহৰলৈ অহাত লগে লগে এতিয়া সমগ্ৰ সীমান্ত অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাই অসমৰ উন্নয়নত বাধা আৰোপ কৰা কাৰ্যত একপ্ৰকাৰ জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠনসমূহ। বিশেষকৈ নগা প্ৰশাসনৰ ভাবুকিত নিৰপেক্ষ বাহিনী-চিআৰপিএফে সেও মানি পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দিয়া নিৰ্দেশক সহজভাৱে ল’ব পৰা নাই মেৰাপানীবাসীয়ে । ইফালে নগালেণ্ডৰ এই চক্ৰান্ত প্ৰতিহত কৰি পথ নিৰ্মাণৰ কাম অব্যাহত ৰখাৰ ব্যৱস্থা কৰিবলৈ অসমৰ প্ৰশাসন আৰু চৰকাৰক আহ্বান জনাইছে সদৌ অসম ছাত্র সন্থাই।