Website Design: dastechnologies.in
গোলাঘাট মহেশ্বৰী বিবাহ ভৱনত কোৱাৰেণ্টাইন কেন্দ্ৰৰ তিনিজন যুৱকৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পকী দেৱাল পাৰ হৈ পলায়নৰ চেষ্টা চলায় যুৱক তিনিজনে। যুৱক তিনিজনে দেৱাল পাৰ হওতেই নিৰাপত্তাৰক্ষী আৰু কোৱাৰেণ্টাইন মেনেজমেণ্ট কৰ্মচাৰীয়ে কৰায়ত্ত কৰি পুনৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আৱদ্ধ কৰে । যুৱক তিনিজন হ’ল লাচিত চেতিয়া, ৰনজিৎ গগৈ আৰু দীপক শইকীয়া। যোৱা তিনিদিন পূৰ্বে ৰনজিৎ গগৈ মহাৰাষ্ট্ৰৰ পৰা আৰু দীপক শইকীয়া, লাচিত চেতিয়া দিল্লী পৰা গোলাঘাটলৈ আহিছিল। যুৱককেইজন গোলাঘাট দোলাষৰীয়া আৰু চেতীয়া গাওঁ অঞ্চলৰ । কোৱাৰেণ্টাইন মেনেজমেণ্ট সমিতিয়ে সমগ্ৰ ঘটনা প্ৰশাসনক অৱগত কৰিছে ।