Local, Vocal, Global

পুৰুষৰ সমানেই জীৱন যুজত নামিছে গহপুৰৰ ধনমণি

শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ভূমিৰ নাৰী কোনো গুণেই যে কম নহয় তাক প্ৰমাণিত কৰিছে গহপুৰ ককিলাগুৰিৰ এগৰাকী মহিলাই। দুজনীকৈ কন্যা সন্তানৰ মাতৃ সাহসী, কৰ্মথ মহিলাই পুৰুষৰ সমানে সমানে ফেৰ মাৰি পথাৰত পাৱাৰটিলাৰেৰে হাল বায় দেখুৱাইছে আদৰ্শ। ককিলাগুৰিৰ নিৱাসী পুষ্পাদিত্য বৰাৰ পত্নী ধনমণি বৰাই প্ৰমাণ কৰিছে যে এগৰাকী নাৰীয়ে ইচ্ছা আৰু সাহস কৰিলে যিকোনো কামেই কৰিব পাৰে। ধনমণি বৰাৰ স্বামী পুষ্পাদিত্যই ব্যক্তিগত মালিকাধীন চাৰিচকীয়া বাহনৰ চালক হিচাপে লাভ কৰা অৰ্থৰে নিজৰ চাৰিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণ দিয়াৰ লগতে নিজাববীয়াকৈ ক্ৰয় কৰা পাৱাৰটিলাৰেৰে  হাল বায় নিজৰ লগতে অন্য লোকৰ পথাৰতো হাল বায় আহিছিল।

এগৰাকী বাহন চালক হিচাপে স্বামীৰ ব্যস্ততা আৰু পৈণত হোৱা কঁঠীয়াৰ কথা চিন্তা কৰি ধনমণিয়ে নিজেই পাৱাৰটিলাৰেৰে হাল বাবলৈ আৰম্ভ কৰিলে। পূৰ্বতে স্বামীৰ লগত হাল বোৱাৰ অভিজ্ঞতাকে সাৰথি কৰি চাদৰ-মেখেলা পিন্ধিয়েই ধনমণি কৃষক হিচাপে নামি পৰিল পথাৰত। পাৱাৰটিলাৰেৰে হাল বোৱাৰ দৰে কষ্টকৰ কাম কৰি সফল হোৱা ধনমণিৰ দৰে দুটি কন্যা সন্তানৰ মাতৃয়ে পাৱাৰটিলাৰেৰে হাল বোৱাৰ দৰে কাম কৰিবলৈ আগবাঢ়ি অহাটোৱে মহিলাসকলৰ লগতে নৱ প্ৰজন্মৰ যুৱতীসকলকো এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে।