Local, Vocal, Global

আই পি এলত থাকিব নে VIVO ?

 

ভাৰতত প্ৰতিবাদৰ মাজেৰে ক্ষোভৰ জুই জ্বলিছে ৰঙাচীনৰ বিৰুদ্ধে। ভাৰতৰ ভূমি দখল কৰিবলৈ আহি চীনৰ সৈনিকে কৰিছিল আন্তৰ্জাতিক নিয়ম উলংঘা। চল-চাতুৰিৰে ভাৰতীয় সেনা জোৱানৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ। এল এ চিত নিহত হৈছিল 20 জনকৈ ভাৰতীয় জোৱান। সেই ঘটনাৰ পৰাই চীনৰ প্ৰতি ঘৃণা আৰম্ভ ভাৰতবৰ্ষত। যুদ্ধসদৃশ পৰিৱেশৰ ছবি পৰিস্ফূট হৈছে সীমান্তত। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰতো নাথাকিব চীনা সামগ্ৰী । আই পি এলত নাথাকিব পাৰে টাইটৈল স্পন্সৰ ভিভ’। চীনৰ মোবাইল ফোন কোম্পানী ভিভ’ক আই পি এলৰ পৰা আঁতৰোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

এই প্ৰসংগত ইতিমধ্যে আলোচনাত মিলিত হৈছে ব’ৰ্ডৰ বিষয়ববীয়া। চীনৰ অৰ্থনীতি নিৰ্ভৰশীল ভাৰতীয় বজাৰৰ ওপৰত। যদি দেশবাসীয়ে বিদায় দিয়ে চীনা সামগ্ৰী , তেন্তে এমাহৰ ভিতৰতে কুঠাৰঘাত পৰিব চীনৰ অৰ্থনীতিত। এতিয়া দায়িত্ব দেশবাসীৰ। সন্মুখত প্ৰত্যাহ্বান কিন্তু ১৫ জুনৰ সংঘৰ্ষত প্ৰাণ আহুতি দিয়া ২০গৰাকী ভাৰতীয় শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ দেশবাসীৰ বাবে মূল আহিলা হ’ব চীনা সামগ্ৰী বৰ্জনেৰে ৰঙা চীনৰ সন্ত্ৰাসৰ সমুচিত প্ৰত্যুত্তৰ। ভাৰতীয় ক্ৰিকেটৰ এখন সৰ্ববৃহৎ টুৰ্ণামেণ্ট IPL ৰ পৰা আঁতৰিব নে VIVO টাইটেল স্পনচৰ ? কি সিদ্ধান্তত উপনীত হ’ব BCCI ? কোনে স্থান পাব VIVO আই পি এলৰ স্পনচৰৰূপে।