Local, Vocal, Global

গিলানীৰ হুৰিয়ত ত্যাগ

জম্মু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলি শ্বাহ গিলানীয়ে হুৰিয়ত কণফাৰেন্সৰ পৰা ইস্তফা ঘোষণা কৰিছে। এক অডিঅ’ বাৰ্তাযোগে গিলানীৰ ঘোষণা তেওঁ নিজকে পৃথক কৰিছে হুৰিয়তৰ পৰা। সাম্প্ৰতিক পৰিস্থিতিৰ বাবেই অল পাৰ্টী হুৰিয়ত কণফাৰেঞ্চৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি গিলানীৰ ঘোষণা হুৰিয়তৰ সকলো বিষয় ববীয়াক জনাই দিয়া হৈছে এই সিদ্ধান্তৰ বিষয়ে। ৯০ বছৰীয়া চৈয়দ আলি শ্বাহ গিলানী বিগত কেইবা বছৰ ধৰি নজৰ বন্দী হৈ ঘৰতে আছে আৰু শেহতীয়াকৈ তেওঁৰ শৰীৰৰ অৱস্থাও যঠেষ্ট অৱনমিত হোৱাৰ বিষয়ে প্ৰকাশ পাই আহিছে।
২০১৯ বৰ্ষৰ আগষ্ট মাহৰ পৰাই ঘনে ঘনে সলনি হ’ব ধৰিছে জম্মু কাশ্মীৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। আৰু গিলানীৰ এই শেহতীয়া সিদ্ধান্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ঘটনাক্ৰমৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে।