পত্নীক হত্যা কৰি ৰঙা ঘৰৰ আলহী স্বামী

কোকৰাঝাৰ তাৰংগুৰি চাটাৰপাৰা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। বিমলা বসুমতাৰীৰ স্বামী ছাটিৰাম বসুমতাৰীৰ স্বীকাৰোক্তিত আন ৩জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। তিনিগৰাকী অভিযুক্ত ক্ৰমে চিৰাং জিলাৰ ১নং শান্তিপাৰাৰ গাইদাং মুছাহাৰী, বুটংগা বসুমতাৰী, খুংগ্ৰীং পুৱ টাৰাইবাৰীৰ ৰবীন বসুমতাৰী। বিমলা বসুমতাৰীক হত্যাৰ বাবে স্বামী ছাটিৰাম বসুমতাৰীয়ে এজনক ১০হাজাৰকৈ টকা দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে তিনি অভিযুক্তই। ইতিমধ্যে অভিযুক্ত কেইজনৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত ৩৬০/২০ ইউ এছ ১২০বি/৩০২/৩০১ আই পি চিৰ আধাৰত ৰুজু হৈছে গোচৰ।