কৰ’নামুক্ত দেশৰূপে পৰিগণিত হল নিউজীলেণ্ড

বিশ্বৰ প্ৰথমখন কৰ’নামুক্ত দেশৰূপে COVID-19ক পৰাভূত নিউজীলেণ্ডৰ । আক্ৰান্তৰ সংখ্যাৰে ১,০০০ অতিক্ৰম আৰু ২২গৰাকী লোকৰ মৃত্যুৰ পিছত কৰ’নাক বশ কৰিলে দেশখনে । নিউজীলেণ্ডৰ ৰাষ্ট্ৰপতি জেচিণ্ডা অৰ্ডাৰ্নে কয় যে দেশখন কৰ’নামুক্ত হোৱাৰ খবৰ শুনি তেওঁ আনন্দতে এপাক নাচিলে। ।দেশখনত বিগত ১৭ দিনে এগৰাকীও নতুন আক্ৰান্ত ওলোৱা নাই ।ইতিমধ্যে নিউজীলেণ্ডত চিনাক্ত হোৱা মুঠ ১,৫০৪ আক্ৰান্তৰ ১,৪৮২গৰাকী সুস্থ হোৱাৰ বিপৰীতে ২২গৰাকীৰ মৃত্যু হৈছে ।কৰ’নামুক্ত হোৱাৰ পিছতে দেশখনত লকডাউনকে ধৰি সকলো নিশেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । অৱশ্যে দেশখনৰ সীমান্ত অঞ্চলত কোনোধৰণৰ শিথিলতা গ্ৰহণ কৰা নহয় । বিগত ৭৫ দিনে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দেশখন লকডাউনত অচল হৈ পৰিছিল ।