Local, Vocal, Global

আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ – আছা

হোজাই জিলাৰ লংকাৰ শংকৰদেৱৰ নগৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সংবাদমেল

আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাটি দখল কৰাৰ অভিযোগ ।লকডাউন উলংঘা কৰি নিশা ভিতৰতে চাহ জনজাতি লোকৰ  মাটি দখল কৰাৰ অভিযোগ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধেল ।

সোমবাৰৰ হোজাই জিলাৰ লংকাৰ শংকৰদেৱ নগৰত উপস্থিত হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সম্পাদক জুচেপ মিঞ্জজৰ লগতে উপস্থিত থাকে হোজাই জিলাৰ সম্পাদক ধৰম দাস গৰ। সম্পাদকগৰাকী উপস্থিত হৈ কয় হোজাই জিলাৰ ডবকাৰ আজমল ফাউণ্ডেশ্যনৰ হৈ হোজাই জিলাৰ হজ সমিতিৰ সম্পাদক ফৰিদউদ্দিনে আজমল ফাইণ্ডেশ্যনে নিৰ্মান কৰা কলেজলৈ যোৱাৰ বাবে পথ নিৰ্মাণৰ বাবে চাৰিটাকৈ পৰিয়ালক ষড়যন্ত্ৰ কৰি উচ্ছেদ কৰাই তিনি বিঘা ভূমি দখল কৰি ক্ষান্ত নাথাকি অৰ্জুন পানিকাৰ, অমৃত পানিকাৰ, সুগ্ৰীৱ পানিকাৰ আৰু চগুন পানিকাৰ নামৰ চাৰিজন লোকক ভুৱা গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰে৷ ইফালে জনসাধাৰণ কামৰ দোহাই দি থকা আজমল ফাউন্ডসেনে চাহ জনজাতি লোকৰ ভুমি দখল কৰাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে আদিবাসী ছাত্ৰ সংগঠনটোৰ নেতাজনৰ লগতে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মন্তব্য আগবঢ়ায় কয় যদি আজমল ফাউণ্ডেশ্যনে আদিবাসী দুখীয়া লোকৰ মাটি গুন্ডামী কৰি মাটি দখল কৰিছে তেন্তে এয়া এক বেয়া মেছেজ যাব ৰাজনীতি মহলত৷