Local, Vocal, Global

কভিড ১৯ সময়চোৱাত মাজুলী দুগৰাকী অধ‍্যাপকৰ মহানুভৱতা

কভিড ১৯ ৰ বাবেই বৰ্তমান বন্ধ আছে শিক্ষা প্ৰতিস্থান সমূহ ৷ চৰকাৰে অনলাইন পাঠদানৰ কথা কৈছিল যদিও একাংশ ছাত্ৰ ছাত্ৰীৰ বাবেই সেয়া সম্ভপৰ নহয় ৷তেনে সময়তে মাজুলীৰ দুজনকৈ অধ‍্যাপকে গ্ৰহন কৰিছে ব‍্যতিক্ৰমি প্ৰদক্ষেপ ৷মাজুলী পুৰণি বাৰী গাৱৰ নিৱাসী তথা যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ‍্যাপক ড০ দিপেন নাথ আৰু তেওঁ সহযোগি বিৰেন নাথে লক ডাউনৰ সময়ৰ পৰা বৰ্তমান লৈকে সামাজিক দূৰত্ব ৰক্ষা কৰি এনে দৰেই নিজ গৃহতে নিত্য নৈমিত্তিক চলাই গৈছে পাঠদান ৷ ইংৰাজী, গনিত , বিজ্ঞান আদিকে ধৰি বিভিন্ন পাঠ্যপুঠিৰ পাঠ প্ৰদান কৰি আহিছে ৷ বিদ্যালয় বন্ধ থকাৰ পৰিপেক্ষিতত পুৰনিবাৰী গাঁৱৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত প্ৰায় ৩০ জন ছাত্ৰ, ছাত্ৰীক বিনামূলীয়া পাঠ দান কৰি আহিছে এই অধ্যাপক দুজনে ৷ মাজুলী এই দুগৰাকী অধ‍্যাপকৰ এই কৰ্মৰাজীক এতিয়া বিদ্যান মহলে শলাগ লৈছে ৷