Local, Vocal, Global

কৰ’ণা আক্ৰান্ত অৰুণ কাকতিৰ সৎকাৰক লৈ কাৰ্বি পাহাৰত চাঞ্চল্য

অৰুণ কাকতিৰ মৃতদেহ সৎকাৰক লৈ এতিয়া চৰম বিপাঙত কাৰ্বি আংলং জিলা প্ৰশাসন  ।৭ জুনত ক’ভিড-১৯ত মৃত্যু ঘটিছিল বকলীয়াঘাট চূণপোৰা গাঁৱৰ অৰুণ কাকতিৰ । বৰ্তমানলৈকে ডিফু মেডিকেল কলেজ হাস্পতালৰ মৰ্গতে পৰি আছে কাকতিৰ মৃতদেহ  । যোৱা নিশা মৃতদেহটো সৎকাৰৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় প্ৰশাসন  । কালি জিলা প্ৰশাসনে ঠিক কৰা স্থানত মৃতদেহটো সৎকাৰৰ ঘোৰ বিৰোধিতা কৰিছিল স্থানীয় লোকে  । ডিফু-লামডিং পথৰ ৮ কিলোত পাঁচ বিঘাৰ এটা এলেকা প্ৰশাসনে ঠিক কৰিছিল কভিড-১৯ মৃত্যু ঘটা লোকৰ সৎকাৰৰ বাবে। কিন্তু ৮কিলোত মৃতদেহ সৎকাৰত বাধা দিবলৈ ৰাইজে উজাগৰে পাৰ কৰিলে যোৱা নিশাটো । নিশা একেই পৰিৱেশ দেখা গ’ল ডিফু চহৰৰ শ্মশানঘাট, পানবাৰী আৰু চৰচৰিত। ডিফুৰ শ্মশানঘাটৰ পথত গছ পেলাই অৱৰোধ কৰি পথতে নিশাটো কটালে কেইবা শতাধিক পুৰুষ-মহিলাই। ৮ কিলোৰ ৰাইজে বিৰোধিতা কৰাৰ পাছত ডিফু শ্মশানৰ কাষত মৃতদেহটো সৎকাৰৰ বাবে গাঁত খান্দিবলৈ পঠাইছিল জেচিবি । তাকে লৈয়ো নিশা শ্মশানঘাটত সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিস্থিতৰ   । প্ৰশাসনে কভিড-১৯ত মৃত্যু ঘটা লোকৰ সৎকাৰৰ বাবে ভূমিৰ আগতীয়া ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে এনে সমস্যাৰ । অৱশেষত বকলীয়াঘাটত ঘন জংঘলত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন ।