Local, Vocal, Global

দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল লখিমপুৰৰ নৰেশ

শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাক বাৰে বাৰে প্ৰমাণ কৰিছে একাংশ মেধা ছাত্ৰ-ছাত্ৰীয়ে । সেই একেই কথাকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ নাওবৈচাৰ কটকীচুকৰ দৰিদ্ৰ পৰিয়ালৰ নৰেশ গগৈ নামৰ যুৱকজনে । চাকিৰ পোহৰত পঢ়িয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হবলৈ সক্ষম হৈছে এইগৰাকী মেধাসম্পন্ন ছাত্ৰজন । দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া নৰেশ গগৈৰ পিতৃ-মাতৃৰ লগতে পৰিয়াল এতিয়া যথেষ্ট সুখী ।নৰেশৰ ফলাফলেই প্ৰমাণ কৰিলে আকৌ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে কৃতকাৰ্যতাৰ  ক্ষেত্ৰত ।

 

দৰিদ্ৰতাক অন্তৰাই হবলৈ নিদি পোহৰ জিনাৰ সংক্ৰমত ব্ৰতী হোৱা নৰেশৰ দৰে ছাত্ৰ আত্ম মনোবল স্বাভাৱিকতে শিক্ষাৰ্থীৰ সমাজৰ বাবে আদৰ্শ স্বৰূপ ।