Website Design: dastechnologies.in
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত সম্পন্ন কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত দুখনকৈ আধ্যাদেশে লাভ কৰে আনুমোদন। দিনৰ ১১ বজাত আৰম্ভ হোৱা বৈঠক খন চলে প্ৰায় দুঘণ্টা ধৰি। অত্যাৱশ্যকীয় সামগ্ৰী অধিনিয়মৰ সংশোধনীৰ প্ৰস্তাৱ অনা হয় এই বৈঠকত। সেই অনুসৰি এতিয়া কৃষক সকলে পোনপটীয়াকৈ অর্থাৎ কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ বজাৰত বিক্ৰী কৰিব পাৰিব উৎপাদিত ফছল। ইয়াৰ আধাৰতে কৃষকৰ বাবে ‘এক দেশ এক বজাৰ’ নীতিৰ সূচনা ঘটিব। কেবিনেটৰ অন্যান্য সিদ্ধান্ত সমূহৰ বিষয়ে সদৰী কৰাৰ বাবে বিয়লি ৪ বজাত এক সংবাদ মেলৰ আয়োজন কৰা হৈছে