Local, Vocal, Global

পুলৱামাত নিহত জইছ ই মহম্মদৰ ‘ফৌজি’

জম্মু কাশ্মীৰৰ পুলৱামাৰ কংগন গাঁৱত সংঘৰ্ষ

জইছ ই মহম্মদৰ ৩ সন্ত্ৰাসবাদীৰ মৃত্যু

নিহত মাছুদ আজহাৰৰ আত্মীয়

পুলৱামাৰ কংগন নামৰ গাঁওখনত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত জইছ ই মহম্মদৰ ৩ সন্ত্ৰাসবাদী নিহত হৈছে। আজি পূৱতিনিশা সংঘটিত এই ঘটনাত নিহত ৩ সন্ত্ৰাসবাদীৰ অন্যতম জইছ.. ৰ শীৰ্ষ কামাণ্ডাৰ মহম্মদ ইছমাইল ওৰফে ফৌজি। এইজন সন্ত্ৰাসবাদীৰ বিশেষ পৰিচয় আছিল আই ই ডি বিশেষজ্ঞ ৰূপে। বিভিন্ন আই ই ডি আৰু বোমা বিস্ফোৰণৰ লগত জড়িত ফৌজি জইছ ৰ শীৰ্ষ নেতা মাছুদ আজহাৰৰ আত্মীয়।এক চাৰ্চ অপাৰেচনৰ সময়ত সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনা।