Local, Vocal, Global

জ্বলাই দিব খুজিছিল পত্নীক, পিছে…..

দিল্লীৰ ত্ৰিলোকপুৰিত সংঘটিত হৈছে এক ভয়াবহ অথচ আমোদজনক ঘটনা। এক ব্যক্তিয়ে পেট্ৰল আনিছিল পত্নীক জ্বলাই মাৰিবলৈ বুলি। পিছে মানুহজন নিজেই জ্বলি মৰিবলৈ ওলাওঁতে ৰক্ষা কৰিলে পত্নীয়েই। আৰিফ নামৰ লোকজন আৰু তেওঁৰ পত্নীয়ে প্ৰায় ৫ বছৰ ধৰি দুয়ো দুয়োৰে পৰা বিচ্ছিন্ন হোৱাৰ চেষ্টা কৰি আছিল। কিন্তু আনুষংগিক কিছুমান সমস্যাৰ বাবে সেয়া হৈ উঠা নাছিল। যোৱা হোলীৰ পূৰ্বেই আৰিফ মিৰাটলৈ গৈ পিছত লক ডাউনৰ বাবে ঘূৰি আহিব পৰা নাছিল। শেহতীয়াকৈ লক ডাউন কিছু শিথিল হোৱাত তেওঁ ঘৰলৈ আহিল যদিও দুয়োৰে মানসিক দূৰত্ব অধিক বৃদ্ধি পায় আৰু বৃদ্ধি পায় পৰস্পৰৰ মনত সন্দেহ। তাৰ মাজতে মঙলবাৰে দুপৰীয়া আৰিফে এবটল পেট্ৰল আনি নিজৰ লগতে পত্নীকো জ্বলাই দিয়াৰ চেষ্টা চলায়। কিন্তু দৈৱ ক্ৰমে পত্নীৰ গাত নালাগিল জুই।বিপৰীতে জ্বলি উঠা আৰিফক এখন কম্বলেৰে মেৰিয়াই দি পত্নীয়ে ৰক্ষা কৰে আৰু চিকিৎসালয়লৈ পঠাই দিয়ে।