Local, Vocal, Global

কিডনি বিক্ৰী কৰি আইফোন কিনি এতিয়া শয্যাশায়ী

এটা আইফোনৰ গৰাকী হোৱাৰ হেঁপাহ কাৰনো নাথাকে? কিন্তু দামৰ কথা ভাবিৱেই বহুতে আইফোনৰ আশা এৰে। কিন্তু এই পৃথিৱীত এনে মানুহো আছে, যি নিজৰ কিডনি বিক্ৰী কৰি ক্ৰয় কৰিছিল দামী আইফোন। আইফোন-১২ উন্মোচনৰ পিছতেই ইণ্টাৰনেটত বহুল চৰ্চা লাভ কৰিছে সেইজন অদ্ভুত চখৰ লোকে। আইফোন-১২ৰ আকাশলংঘী দামৰ বিষয়ে আলোচনাত ভাগ লৈ বহুতে লিখিছে যে ইমান দামী ফোন কিনিবলৈ হয় চুৰি কৰিব লাগিব নহয়, বিক্ৰী কৰিব লাগিব কিডনি। এয়া যদিও ধেমালিতে কোৱা কথা, কিন্তু সঁচাই ঘটিছিল তেনে এক ঘটনা। ২০১১ চনত চীনৰ এজন ২৫ বছৰীয়া যুৱকে আইফোন ক্ৰয় কৰিবলৈ গৈ বেচিছিল নিজৰ কিডনি। তেতিয়া ১৭ বছৰীয়া ৱাং ছাংকু নামৰ যুৱকজনে ক’লা বজাৰত ৩২৭৩ মাৰ্কিন ডলাৰৰ বিনিময়ত কিডনি বিক্ৰী কৰি ক্ৰয় কৰিছিল ৱাং ছাংকুৱে। অনলাইনত এই বন্দোৱস্তি কৰি নিজৰ সোঁ কিডনিটো বিক্ৰী কৰিছিল ছাংকুৱে। কিন্তু অবৈধ অস্ত্ৰোপচাৰৰ পিছতে ছাংকুৰ অৱস্থাৰ অৱনতি ঘটে আৰু তেতিয়াৰ পৰা আজিলৈকে শয্যাশায়ী হৈ আছে তেওঁ। এই ঘটনাৰ পিছত মাকৰ আগত সবিশেষ বিৱৰি কৈছিল যুৱকজনে। ঘটনাৰ অনুসন্ধান কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৯জনকৈ লোকক।