Local, Vocal, Global

কলিয়াবৰৰ বাগৰিত পুনৰ সক্ৰিয় চোৰাং ব্যৱসায়ী চক্ৰ।

128

কলিয়াবৰত পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাং ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰ। জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বাগৰিত সক্ৰিয় হৈ পৰা চক্ৰটোৰ এজনক ইতিমধ্যে বাগৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও মূল অভিযুক্ত চোহৰাব আলীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

গুৱাহাটীৰ পৰা বোকাজানলৈ AS-09AC-7702 নম্বৰৰ এইখন ট্ৰাকৰে কঢ়িয়াই অনা ৰড চোহৰাব আলীৰ লাইন হোটেলত চোৰাংকৈ নমোৱাৰ খবৰ লাভ কৰি নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৰডভৰ্তি ট্ৰাকখন।

নগাঁও জিলা আৰক্ষীৰ শীৰ্ষ মহলৰ একাংশ আৰক্ষীৰ লগতে শাষকীয় দলৰ একাংশ নেতাক মেনেজ কৰি হাৰমতিৰ চোহৰাব আলীয়ে নিজৰ লাইন হোটেলত দীৰ্ঘদিন ধৰি এনে চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগৰ ভিত্তিতে শুক্ৰবাৰে নিশা হাতে-লোটে ট্ৰাকখনৰ লগতে চোৰাংকৈ বিক্ৰী কৰা ৰডখিনিও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ৰড কাটি থকা অৱস্থাত জব্দ কৰে ৰডভৰ্তি ট্ৰাকখন।

add3

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত চোহৰাৱ আলীৰ পুত্ৰ হাফিজুল হক আৰু ট্ৰাকখনৰ হেণ্ডিমেন মোস্তাফা আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।