দ্ৰুত গতিত চাৰি হাজাৰ স্পৰ্শৰ দিশে অসমত কৰ’না আক্ৰান্তৰ সংখ্যা

বাতৰি যুগুত কৰালৈ দেওবাৰে ৪৩ নতুন আক্ৰান্তৰে অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৯৪৩ গৰাকীলৈ বৃদ্ধি পালে।
নতুনকৈ আক্ৰান্তসকলৰ ১৪ গৰাকী নগাঁও,১০ জনকৈ গোলাঘাট আৰু কামৰূপ,২ জনকৈ যোৰহাট,বাক্সা আৰু চিৰাঙৰ আৰু ১ জনকৈ আক্ৰান্ত কাৰ্বি আংলং, ধেমাজি আৰু বঙাইগাঁৱৰ।
ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ২,১২৭ গৰাকী,১,৮০৫ গৰাকী আৰোগ্য হৈছে, ৯ গৰাকীৰ মৃত্যু ঘটিছে।
অসমৰ পাছতে ৮৯৫ গৰাকী আক্ৰান্তৰে উত্তৰ-পূৱত দ্বিতীয় স্থানত আছে ত্ৰিপুৰা।
মণিপুৰত ৩১১, নাগালেণ্ডত ১২৮,মিজোৰামত ৯৩,অৰুনাচলত ৫৭,মেঘালয়ত ৪৪ আৰু চিকিমত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ১৩ গৰাকী।।