Local, Vocal, Global

কমিউনিষ্টক দেখিলেই গুলীয়াবলৈ নিৰ্দেশ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ

কমিউনিষ্টক দেখিলেই গুলীয়াবলৈ নিৰ্দেশ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ
ফিলিপাইনছত কমিউনিষ্ট বিদ্ৰেহীক দেখিলেই গুলীয়াই হত্যা কৰিবলৈ নিৰ্দেশ দিছে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিয়ে৷ ইতিমধ্যে দুদিনৰ ভিতৰতে প্ৰায় ৯জন কমিউনিষ্ট বিদ্ৰোহীক গুলীয়াই হত্যা কৰিছে দেশখনৰ আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিৰ এই কঠোৰ নিৰ্দেশৰ পাছতে ফিলিপাইনছৰ ৰাজধানী মানিলাত আৰক্ষীৰ অভিযানত ৯ জন কমিউনিষ্ট বিদ্ৰোহী নিহত হোৱাৰ লগতে আন ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ উল্লেখনীয় যে যোৱা শুকুৰবাৰে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি, সেনা আৰু নিৰাপত্তা বাহিনীসমূহৰ মাজত এক বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত কমিউনিষ্ট বিদ্ৰোহীক নি: চিহ্ন কৰাৰ অৰ্থে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে দেশখনৰ ৰাষ্ট্ৰপতিয়ে৷