Local, Vocal, Global

“এমুঠি পোহৰ” ফেচবুক পেজৰ দ্বাৰা আয়োজিত “মই এটি যাযাবৰ” শীৰ্ষক অনলাইন ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

‘এমুঠি পোহৰ’ ফেছবুক পেজৰ উদ্যোগত আয়োজিত “মই এটি যাযাবৰ” শীৰ্ষক অ’নলাইন ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাখনিৰ চূড়ান্ত পৰ্যায়ৰ ফলাফল শেহতীয়াকৈ ঘোষণা কৰা হয়। উক্ত প্ৰতিযোগিতাখনি দুটা শাখাত ক্ৰমে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। বৰপেটাৰ কন্ঠশিল্পী কৌশিক দাসৰ পৰিকল্পনাত আৰু শৰ্মিষ্ঠা দাস, শিল্পীশিখা দাস, মৃন্ময়ী তালুকদাৰৰ সহযোগত গঠন হোৱা এই ফেচবুক পেজ “এমুঠি পোহৰ”-ৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনিৰ বিচাৰকৰ দায়িত্বত থাকে অসমৰ বিশিষ্ট সংগীতশিল্পী ক্ৰমে সূৰ্য্য গোস্বামী, কবীন দাস, প্ৰশান্ত ৰাজখোৱা, বিভূৰঞ্জন দাস আৰু ক্ৰান্তিকা শাণ্ডিল‍্য৷ অতি উচ্চ মানদণ্ডৰ এই প্ৰতিযোগিতাখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অভূতপূৰ্ব সঁহাৰি লাভ কৰে আৰু সৰ্বমুঠ ৩৩৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাখনৰ ফলাফল সমূহ এনেধৰণৰঃ
“ক” শাখাত প্ৰথম বৃষ্টি হাজৰিকা, তেজপুৰ (বিনয় কুমাৰ দাস সোঁৱৰণী বঁটা, দাঁতা শৰ্মিষ্ঠা দাস; দ্বিতীয় তন্ময়ী নাথ, শিৱসাগৰ (শৈল্য বালা দাস সোঁৱৰণী বঁ‌টা, দাঁতা ডাঃ স্মিতা শ্ৰীবাস্তৱ, ডাঃ গৌতম চন্দ্ৰ দাস); তৃতীয় তনিশা শইকীয়া, নামৰূপ ডিব্ৰুগড় (বীণা দাস সোঁৱৰণী বঁটা, দাঁতা পুস্পজ্যোতি ওঁজা); বিচাৰকৰ বিশেষ বঁটা বনানী ৰয়, অভয়াপুৰী বঙাইগাঁ‌ও (শংকৰ চৰণ দাস সোঁৱৰণী বঁটা, দাঁ‌তা নৰহৰি দাস) আৰু নম্ৰতা ফুকন, দুলীয়াজান (দ্বিজেন দাস সোঁৱৰণী বঁটা, দাঁতা অৰ্চনা দাস)।
“খ” শাখাত প্ৰথম আস্থা তামুলী, দুলীয়াজান (গোকুল পাঠক সোঁৱৰণী বঁটা, দাঁতা দেৱৰাজ দাস); দ্বিতীয় বিকশিতা বৰকটকী, নলবাৰী (কনক চন্দ্ৰ গোস্বামী সোঁৱৰণী বঁটা, দাঁতা ভানুবালা গোস্বামী); তৃতীয় শতাব্দী সুনয়না, তেজপুৰ (সুৰেন্দ্ৰ নাথ তালুকদাৰ সোঁৱৰণী বঁটা, দাঁতা উদয় চন্দ্ৰ তালুকদাৰ); বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অন্বেষা কাঞ্চন বৰা, তেজপুৰ (কেশবানন্দ মেধি সোঁৱৰণী বঁটা, দাঁতা নিৰুপমা মেধি) আৰু প্ৰতীক্ষা পাঠক, বৰপেটা (ভগৱান চন্দ্ৰ দাস সোঁৱৰণী বঁটা, দাতা মাকণী দাস)৷

উক্ত প্ৰতিযোগিতাখনিৰ মুখ্য উপদেষ্টাৰ দায়িত্বত আছিল বিশিষ্ট শিল্পী ক্ৰমে মনীষা হাজৰিকা, জে.পি. দাস, অৱনী ৰঞ্জন পাঠক, আলেখ্য চক্ৰৱৰ্তী। উপদেষ্টাৰ দায়িত্বত আছিল বিশিষ্ট নাট্যকাৰ- পৰিচালক নিৰ্মল দাস, বিশিষ্ট শিল্পী গায়ত্ৰী হাজৰিকা, মৃগেন দাস, ডা: স্মিতা শ্ৰীবাস্তৱ, দেৱৰাজ দাস, হিমাংশু দাস, প্ৰহ্লাদ তালুকদাৰ, কিৰণ চন্দ্ৰ দাস।

অ’নলাইনযোগে এই প্ৰতিযোগিতাখন আয়োজন কৰা “এমুঠি পোহৰ” নামৰ ফেচবুক পেজখনৰ মুখ্য এডমিন কৌশিক দাস। এডমিন শিল্পীশিখা দাস, মৃন্ময়ী তালুকদাৰ, মডাৰেটৰ শৰ্মিষ্ঠা দাস। প্ৰতিযোগিতাখনৰ সফল সামৰণিত পেজখনৰ কৰ্মকৰ্তাই আগলৈ ৰাইজৰ এনেদৰেই মৰম-আশীৰ্বাদ বিচাৰে আৰু আগলৈও সাংস্কৃতিক জগতখনৰ বাবে অধিক ভাল কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। লগতে উল্লেখ কৰিব লাগিব যে পুৰস্কাৰ আৰু মানপত্ৰ সমূহ ডাকযোগে পঠিওৱা হ’ব। আৰু বিজয়ী প্ৰতিযোগীসকলৰ দ্বাৰা এটি ব্যতিক্ৰমী প্ৰকল্প প্ৰস্তুত কৰাৰ কথাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি পেজখনৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।