Local, Vocal, Global

এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গাড়ী চলাওতে সাৱধান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গাড়ী চলাওতে সাৱধান । ৪০ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলালে ভৰিব লাগিব ৯ হাজাৰ টকাৰ জৰিমনা ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ পৰিস্থিতি লক্ষ্য কৰি আজিৰে পৰা পুনৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দিনে নিশাই টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে ।বানৰ সময়ত বন্য জীৱ জন্তু ওখ স্থান বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা অৱস্থাত ৪০ টাকৈ বন্য জীৱ জন্তু গাড়ী দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে ।গাড়ীৰ গতিবেগ লক্ষ্য কৰি দেওবাৰে নিশাৰ পৰা কলিয়াবৰৰ ৰাঙলুৰ পৰা বৰজুৰীলৈকে ৪৯ কিলোমিটাৰ দুৰত্বলৈকে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ।এই টাইমকাৰ্ডৰ জৰিয়তে প্ৰতিখন বাহনে । ৪০ কিলোমিটাৰ গতিবেগেৰে ৪৯ কিলোমিটাৰ দুৰত্বৰ পথ ৭৪ মিনিটত অতিক্ৰম কৰিব পাৰিব ।৪০ কিলোমিটাৰ গতিৰে বাহন সমূহে ৭৪ মিনিটৰ আগতেই যদি নিৰ্দিষ্ট স্থান যদি অতিক্ৰম কৰে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ৯০০০ হাজাৰ টকাৰ জৰিমনা ।উদ্যান কৰ্তৃপক্ষই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত স্থাপন কৰিছে অত্যাধুনিক কেমেৰা ।