Local, Vocal, Global

মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ দুমাহৰ পৰা চিকিৎসাধীন হৈ আছে তেজপুৰৰ এজন যুৱক

মগজুৰ  জটিল ৰোগত আক্ৰান্ত হৈ  যোৱা দুমাহৰ পৰা তেজপুৰৰ টাইমছ হস্পিতালত চিকিৎসাধীন হৈ আছে এজন যুৱক । একমাত্ৰ অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ নিব পৰা নাই যুৱকজনক ।পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে চিকিৎসালয়খনত বৰ্তমানলৈকে ১৫টাকৈ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতো আৰোগ্য নোহোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়াত বিপাঙত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । ইফালে ৬মাহ পূৰ্বে পিতৃৰ বিয়োগৰ পিছত দুৰ্ভগীয়া মাকে মাটিবাৰী বিক্ৰী কৰি পুত্ৰৰ চিকিৎসাৰ বাবে ৯৫০০০টকা ব্যয় কৰাৰ পিছতৈ চিকিৎসালয়ত ৩,৫০,০০০টকা দিবলৈ থকাত হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালটোৰ । উপায়হীন দুৰ্ভগীয়া মাতৃগৰাকীয়ে পুত্ৰৰ চিকিৎসাৰ কাৰণে ৰাইজ আৰু চৰকাৰৰ ওচৰত আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছে। ইচ্ছুক হৃদয়বান লোকে চেন্ট্ৰেল বেঙ্কৰ দিছপুৰ শাখাত থকা কৃষ্ণা সিঙৰ একাউণ্ট নম্বৰ ৩৭৭১৬৭৪০৬২ (IFSC- CBIN0283203) অনুদান জমা দিব পাৰে।