Website Design: dastechnologies.in
পাকিস্তানৰ ভাৰতীয় উচ্চাযুক্তৰ কাৰ্য্যালয়ৰ ২ জন কৰ্মচাৰী হৈ পৰিছে সন্ধানহীন। ইছলামাবাদৰ পৰা আহিছে এই চাঞ্চল্যকৰ বাতৰি। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে পাকিস্তানৰ বিৰুদ্ধে পুনৰ উঠিছে সন্দেহৰ আঙুলি। ৰাজধানী ইছলামবাদৰ ভাৰতীয় উচ্চাযুক্তত কৰ্মৰত কৰ্মচাৰী দুজনৰ সন্ধানত অভিযান আৰম্ভ হৈছে। এক সূত্ৰৰ খবৰ মতে বিষয়া দুজন কৰ্তব্যৰ খাতিৰত কাৰ্যালয় ৰ বাহিৰলৈ গৈছিল । কিন্তু তেওঁলোক গন্তব্য স্থান গৈ নাপালে ই। তাৰ পূৰ্বেই দুয়োজন যোগাযোগ বিচ্ছিন্ন হৈ পৰে উচ্চায়োগৰ সৈতে। এই বিষয়ে পাকিস্তান চৰকাৰ আৰু স্থানীয় আৰক্ষীক খবৰ দিয়া হৈছে। কিন্তু সন্দেহ ঘনীভূত হৈছে এয়া কোনো পৰিকল্পিত অপহৰণৰ ঘটনা বুলি।