Local, Vocal, Global

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন

মেৰাপানী সীমান্তত পুনৰ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই। দশক দশক ধৰি অসমৰ শ শ বিঘা ভূমি বেদখল কৰি এইবাৰ মৎস পালনৰ অচিলাৰে অসম ভূমি বেদখলত নামিছে নগা। লকডাউনত অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি নগাই এইবাৰ বেদখল আৰম্ভ কৰিছে মেৰাপানীৰ দীঘলপানী অঞ্চলত। দীঘলপানী গাঁৱৰ অসমীয়াৰ কৃষি ভূমিত অকৰ্তৃত্বশীলভাৱে একাংশ নগাই বৃহৎ পুখুৰী খন্দাক লৈ এতিয়া আতংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া লোকসকল। প্ৰথম অৱস্থাত নগাৰ বেদখল দেখি দীঘলপানী গাঁৱৰ ৰাইজে নিৰাপত্তা বাহিনীৰ দায়িত্বত নিয়োজিত চিআৰপিএফক বিযষয়টো অৱগত কৰিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত চিআৰপিএফ আৰু সীমান্ত দণ্ডাধীশে ঘটনাস্থলী পৰিদৰ্শন কৰি বেদখল বন্ধ কৰাৰ সকিয়নী প্ৰদান কৰে। কিন্তু প্ৰশাসনৰ সকিয়নীক গুৰুত্ব নিদি নগাই এক্স-কেভেটৰৰ সহায়ত অসমভূমিত এটা বৃহৎ পুখুৰী খান্দে। লগতে অসমীয়া কৃষকৰ পথাৰৰ জেওৰা-জপনাসমূহ ভাঙি তহিলং কৰে। তাকে লৈ এতিয়া নগাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে সীমান্তবাসী অসমীয়া। একাংশ অসমীয়া লোকে হাতে হাতে কোৰ লৈ নগাই বলপূৰ্বক খন্দা পুখুৰীটো পুতি পেলোৱাৰ চেষ্টা চলায়। নগাৰ আগ্ৰাসন অনতিপলমে ৰোধ কৰিবৰ বাবে দীঘলপানীবাসী ৰাইজে গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা নগাই ভয়-ভাবুকিৰে অসমৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাই আহিছে।