Local, Vocal, Global

‘আপোনালোকৰ পাঁচোটা আঙুলিয়েই ডুবি আছে ঘিউত’- কাক কিয় ক’লে মোডীয়ে

কৰ’নাৰ আপদক সম্পদলৈ উন্নীত কৰাৰ বাবে দেশৰ উদ্যোগী সকলক আকৌ এবাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চৰ ৯৫ বাৰ্ষিক সমাৰোহ উপলক্ষে দেশৰ উদ্যোগী সকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে চৰকাৰে যি বোৰ নীতি লৈ আত্মনির্ভৰশীল ভাৰতৰ ভেটি শক্তিশালী কৰাৰ আঁচনি লৈছে , সেই নীতি সমূহে দেশৰ উদ্যোগ খণ্ডকেই সৰ্বাধিক লাভৰ মুখ দেখুৱাব। বিশেষকৈ পূব ভাৰতৰ উদ্যোগী সকলক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশক ছিংগল ইউজ প্লাষ্টিকৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে অভিযান চলি আছে। ইয়াৰ লগে লগে পশ্চিম বংগত উৎপাদিত মৰাপাটৰ ব্যৱসায় উন্নত হোৱাৰ সম্ভাৱনা উজ্জল হৈ উঠিছে। পূৰ্ব ভাৰতৰ উদ্যোগী সকলৰ পাঁচোটা আঙুলিয়েই ঘিউত ডুবি থকা বুলি মন্তব্য কৰি মোডীয়ে কয় আৰু এই অঞ্চলত কাম কৰি থকা উদ্যোগী সকল সৌভাগ্যবান বুলিও উল্লেখ কৰে। মোডীয়ে কয় যে পশ্চিম বংগৰ মৰাপাটৰ মোনা যেতিয়াই প্ৰতিজন দেশবাসীৰ হাতে হাতে দেখা যাব, তেতিয়াই বুজা যাব যে কৰ’না কালীন আপদ সম্পদ হৈ উঠিছে, ৰাইজে সদব্যৱহাৰ কৰিছে লক ডাউনৰ অৱসৰ কালীন সময়খিনিৰ । ১৯২৫ চনত গঠন হোৱা ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ ইতিহাস স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ” আই চি চি য়ে স্বাধীনতা দেখিছে, দেশ বিভাজন দেখিছে আৰু তাৰ যন্ত্ৰনাও সহিছে”। সেই  দিশৰ পৰা আই চি চিক  এক পৰিপক্ক , অভিজ্ঞ অনুষ্ঠান বুলি সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।