Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ শোণিতপুৰ জিলা ভ্ৰমণ, বাৰেচহৰীয়া ভাওনা প্ৰকল্পৰ আধাৰশিলা স্থাপন, চকীঘাটত চলালে ট্ৰেক্টৰ

এলানি ব্যস্ত কাৰ্যসূচী লৈ আজি শোণিতপুৰ জিলা ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই ভ্ৰমণৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী অনুসৰি জামুগুৰিহাটত ঐতিহাসিক বাৰেচৰীয়া ভাওনা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে জামুগুৰিহাটতে ন দুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। লগতে চাৰিদুৱাৰৰ গড়মাৰা গাঁও ভ্ৰমণ কৰি আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত পশুপাম পৰিদৰ্শণ কৰে।

গোটৰ সদস্য সকলৰ সৈতে বিনিময় কৰে মতামত। দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী উপস্থিত হয়গৈ চকীঘাটত। ইয়াত তেওঁ স্থানীয় যুৱক সকলে বে দখল মুক্ত কৰা ৭০০ বিঘা মাটিত কৰা কৃষি কৰ্ম পৰিদৰ্শণ কৰে। কৃষিকৰ্মৰ জৰিয়তে অসমৰ ডেকা শক্তিয়ে ‘আত্মনির্ভৰ অসম’ৰ ভেটি বন্ধাত শক্তিশালী ভূমিকা ল’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে। তাৰ পাছতেই ভৰলীপৰীয়া কন্যকা বহুমুখী পাম দৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ১০ টা আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰে পাম খনত উৎপাদিত মাছৰ পোনা। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এটা আত্মসহায়ক গোটত অৰ্পণ কৰে ট্ৰেক্টৰ।

মুখ্যমন্ত্ৰীয়ে এটা গো শালা আৰু দুটাকৈ জলসিঞ্চন প্ৰকল্পও মুকলি কৰে।