আপোনাৰ চৌপাশে থকা মহানিমৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?আহঁক আজি মহানিমৰ উপকাৰিতাৰ বিষয়ে জানো…

ভাৰতত মহানিমক “পবিত্ৰ গছ,” আৰু “সকলো ৰোগৰ দৰব” বুলি গণ্য কৰা হয়।মহানিম মানুহৰ বাবে এবিধ উপকাৰী গছ।আজি আমি আপোনালোকক বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে ক’বলৈ লৈছোঁ।ঘৰৰ চৌহদত মহানিমৰ গছ থাকিলে সেই অঞ্চলৰ বায়ু স্বাস্থ্যকৰ হৈ পৰে। পোক-পৰুৱাৰ উপদ্ৰৱ কমি থাকে। প্ৰতি ঘৰ মানুহৰ স্বাস্থ্যৰ বাবে ঘৰৰ চৌহদত এজোপা মহানিম গছ থকাটো অতি প্ৰয়োজনীয়।আপুনি বাৰু জানেনে মহানিম গছৰ উপকাৰিতা কিমান?আপুনি বাৰু মহানিম গছৰ সঠিক ব্যৱহাৰ জানেনে?
আমাৰ দৈনন্দিন জীৱনত এই মহনিম গছৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।মহানিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ।মহানিম পাতৰ আছে শক্তিশালী anti oxident গুণ যি শৰীৰক নানা ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে দেহত উৎপন্ন হোৱা বিষাক্ত মুক্ত ৰেডিকেল সমূহ নিষ্কাষণ কৰিব পাৰে।
মহানিমৰ পাতত এণ্টি মাইক্ৰোবিয়েল আৰু এন্টি ভাইৰেল গুণ আছে তাৰ ফলত এই পাত খালে শৰীৰক বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

মহানিমৰ পাত সিজাই সেই পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়, চুলি ভাল হোৱাৰ লগতে মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
বহুমুত্ৰ বা জণ্ডিছ ৰোগত নিম পাতৰ ৰস খালে বা নিম পাতৰ আঞ্জা খালে সুফল পোৱা যায়।
বিভিন্ন ৰোগত মহানিমৰ ব্যৱহাৰ কৰা হয়।
ইয়াৰ ভিতৰত চৰ্মৰোগ আৰু পেলুৰ নিৰাময়ৰ বাবে মহানিম এবিধ বৰ সুন্দৰ ঔষধ। চৰ্মৰোগৰ ভিতৰত খজুৱতি হ’লে মহানিমৰ পাত সিদ্ধ কৰি সেই পানীৰে গা ধুলে খজুৱতি নিৰ্মূল হয়। দৈনিক মহানিমৰ পাত খালে কৃমি নিৰাময় হয়।
সকলো প্ৰকাৰৰ জ্বৰ, কাঁহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহা নিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত।
তেজ বমি হলে বা এনেয়ে বদহজম হৈ বমি হলে মহানিমৰ পাতৰ ৰস খালে বন্ধ হয়।
দেহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰাখিব পাৰে মহানিম পাতে। যাৰ ফলত শৰীৰত হৃদৰোগৰ আশাংকা কম হব।
মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয় নৈমত্তিক মহা নিম পাত সেৱন কৰিলে।
মহানিম পাত পাকস্থলীৰ বাবে উপকাৰী। এই পাত খালে কোষ্ঠকঠিন্যো আৰু বদহজম দূৰ হয়।
মহানিম পাত ছালৰ বাবে অতি উত্তম। চৰ্মৰোগ যেনে খৰ, খজুৱতি, চৰাইছিছ, একজেমা আদি নিৰ্মূল কৰিব পাৰে এই পাতে। মহা নিম পাতৰ ৰস এক উত্তম ৰক্ত পৰিশোধন দ্ৰব্য।
মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকনা ৰোগ ভাল হয়।

যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হলে নিম পাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায় বুলি কোৱা হয়।
চকুৰ চানি পৰা ৰোগ হলে মহানিমৰ পাতৰ ৰস আৰু গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়।
নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুৰি ৫ গ্ৰাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অনান্য ৰোগ প্ৰতিৰোধ হয় বুলি কয়।
মহানিমৰ কোমল ঠাৰিৰে দাঁত ঘহিলে দাঁতৰ ৰোগ যেনে পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়ৰীয়া আদি নহয়। দাঁত উজ্জ্বল আৰু ভাল হয়। দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।
মূৰত উকণি হলে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে উকনি নাইকিয়া হয়।
আনকি মহানিমৰ শিপা, বাকলি আৰু কেঁচা ফলৰ সকলো ধৰণৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আছে।
মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়।