Local, Vocal, Global

আজি অসমত উপস্থিত হ’ব দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাস…

বিশ্বৰ দীৰ্ঘতম নদী ভ্ৰমণ এম ভি গংগা বিলাস আজি অসমৰ ধুবুৰীত উপস্থিত হ’ব। ভাৰতৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস বাংলাদেশৰ পৰা ধুবুৰী হৈ প্ৰৱেশ কৰিব অসমত।

এই বিলাসী জাহাজখনত থকা বিদেশী পৰ্যটকসকলক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ধুবুৰী প্ৰশাসনে।

তথ্য মতে, বিলাসী জাহাজখন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে বৈ আহি ধুবুৰী জাহাজ ঘাটত উপস্থিত হ’ব। ইয়াৰ পিছত জাহাজত থকা পৰ্যটকসকলক ঐতিহাসিক ধুবুৰী চহৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰোৱাই টেৰাকোটা প্ৰসিদ্ধ আশাৰীকান্ধি গাঁৱলৈ লৈ যোৱা হ’ব। নিশা জাহাজতে কটাই পিছদিনা গুৱাহাটীলৈ ৰাওনা হ’ব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত এম ভি গংগা বিলাস নামৰ বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱাৰ শুভাৰম্ভ কৰিছিল৷ ইয়াৰ জৰিয়তে ভাৰতত নদী ক্রুজ পৰ্যটনৰ নতুন যুগৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰিছিল।

এই বিলাসী ক্রুজখনে ভাৰত আৰু বাংলাদেশৰ ৫খন ৰাজ্যৰ ২৭খন নদী প্রণালীৰ মাজেৰে সুদীর্ঘ ৩২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব। ইয়াৰে প্ৰায় ২৪০০ কিলমিটাৰ যাত্ৰা সমাপ্ত কৰি আজি ধুবুৰী হৈ অসমত প্ৰৱেশ কৰিব।

পর্যটকসকলৰ বাবে এক স্মৰণীয় আৰু বিলাসী অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ক্রুজখনত সকলো সুবিধাৰ প্ৰতি নজৰ দিয়া হৈছে।