Local, Vocal, Global

যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড

যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড।যোৰহাটৰ চ’ক বজাৰত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।এফালৰ পৰা জুইৰ গ্ৰাসত পৰে সমগ্ৰ চ’ক বজাৰ।জ্বলি ছাই হ’ল বজাৰৰ ৩ শতাধিক দোকান।
নিশা সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ড।এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ।গোলাঘাট,শিৱসাগৰৰ পৰাও অনা হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।অইল,ONGC,মৰিয়নি,টীয়কৰ পৰাও অনা হয় বাহন।বিধ্বংসী অগ্নিকাণ্ডক লৈ অঞ্চলজুৰি আতংক।বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।