অহা সপ্তাহতে ভাৰতত প্রথমটো কৰ’নাৰ ভেকচিনত অনুমোদন

হয়তো অহা সপ্তাহতে অপেক্ষাৰ অন্ত পৰিব৷জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে অক্সফোর্ডৰ কৰ’নাৰ প্ৰতিষেধকক অনুমোদন দিব পাৰে ভাৰত চৰকাৰে৷ পৰীক্ষাৰ সম্পূর্ণ প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱাকৈয়ে ব্যৱহাৰৰ বাবে অক্সফোর্ড আস্ট্ৰাজেনেকাৰ কৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতৰ ভাৰতীয় সহযোগী চিৰাম ইনষ্টিটিউটৰ পৰা অতিৰিক্ত তথ্য বিচাৰিছিল চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডার্ড কণ্ট্ৰ’ল অর্গেনাইজেচনে৷ চিৰাম ইনষ্টিটিউটে দাখিল কৰা তথ্যত CDSCO সন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে৷ সেয়েহে অক্সফোৰ্ডৰ কৰ’নাৰ প্ৰতিষেধকক অনুমোদন দিয়া ভাৰতেই প্ৰথম দেশ হব পাৰে বুলি আশা কৰা হৈছে। ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে যৌথভাৱে এই প্ৰতিষেধক প্ৰস্তুত কৰিছে ঔষধ প্ৰস্তুতকাৰী সংস্থা আস্ট্ৰাজেনেকাই। এই প্ৰতিষেধক ভাৰতত প্ৰস্তুত কৰি আছে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই। ডিচেম্বৰ মাহতে তিনিটা সংস্থা- চিৰাম ইনষ্টিটিউট, ফাইজাৰ আৰু ভাৰত বায়টেকে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰ’না প্ৰতিষেধক জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে আৱেদন কৰিছিল। ৯ ডিচেম্বৰত এই আৱেদনসমূহ পৰীক্ষা কৰি অতিৰিক্ত তথ্য বিচাৰিছিল CDSCOই । কিন্তু চিৰাম ইনষ্টিটিউটেহে তথ্যসমূহ জমা দিলে। সেই মতেই এতিয়া ধাৰণা কৰা হৈছে অহা সপ্তাহত অক্সফোৰ্ডৰ প্ৰতিষেধকক অহা সপ্তাহতে জৰুৰী ভিত্তিত ভাৰতত ব্যৱহাৰৰ বাবে অনুমতি দিয়া হ’ব পাৰে।