Local, Vocal, Global

অসম-অৰুণাচল সীমান্তত চিকাৰ কৰিবলৈ গৈ মৃত্যু সাবটিলে বিনোদ ৰাজগড়ে

অসম-অৰুণাচল প্ৰদেশ সীমান্তত চিকাৰ কৰিবলৈ গৈ মৃত্যুক সাবটিলে বিনোদ ৰাজগড়ে

হাতেসজা ৰাইফল, গুলীৰ সামগ্ৰী উদ্ধাৰ, তিনিজনক গ্ৰেপ্তাৰ ।

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল ।

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পাচলগীত চিকাৰ কৰিবলৈ গৈ মৃত্যুক সাবটিলে বিনোদ ৰাজগড়ে । এই ঘটনাটে সন্দৰ্ভত গোবলাই বসুমতাৰী, বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু কমল বসুমতাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ঘটনা সন্দৰ্ভত দুটা হাতেসজা বন্দুকৰ লগতে ১৬টা লিডৰ টুকুৰা, ৪০টা ঘূৰণীয়া লিডৰ টুকুৰা, গুলী বনোৱা সামগ্ৰী, ৩টা টেমাত গুলী বনোৱা খাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়েl

ইতিমধ্যে বিনোদ ৰাজগড় হত্যাকাণ্ড সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰেl

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে যোৱা ১৬ জুনৰ পুৱা ৯-৪০ বজাত পোৱা খবৰ মতে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ খমাবাৰীৰ সমীপৰ পাচলগগীত বিনোদ ৰাজগড়(২৫) গুলীবিদ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পাৰে আৰ বিশ্বনাথ জিলাৰ ডিএছপি মুজাফৰ হুইছেন, বিশ্বনাথৰ অ’চি শোভন দাস আৰু বালিচাং আৰক্ষীৰ আই চিসহ এটি দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু সোঁহাতৰ কিলাকুটিপাৰ হৈ পাকস্থলীত গুলী লাগি নিশা মৃত্যু হোৱা বিনোদ ৰাজগড়ৰ মৃতদেহ উদ্ধাৰ কৰে৷ পিছত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি বিহালীলৈ নি মৰণোত্তৰ পৰীক্ষা কৰাত এটা হাতেসজা গুলী উদ্ধাৰ কৰে৷ সমগ্ৰ ঘটনাটো সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে  যোৱা ১৫ জুনৰ পুৱা বিনোদ ৰাজগড়, বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু গবলাই বসুমতাৰীয়ে খমাবাৰীত খৰি কাটিবলৈ গৈছিল আৰু কমল বসুমতাৰীৰ ঘৰৰ পৰা গবলাই গুচি আহিছিল আৰু বিশ্বজিৎ দৈমাৰি আৰু বিনোদ ৰাজগড় খৰি কাটি থাকোতে  কোনো অচিনাক্ত দুৰ্বৃত্তই গুলী কৰি বিনোদ ৰাজগড়ক হত্যা কৰে বুলি  জানিব পাৰে আৰক্ষীয়েl ইফালে আৰক্ষীয়ে সন্দেহবশতঃ গ্ৰেপ্তাৰ কৰা বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু গবলাই বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পাৰে যে প্ৰকৃততে বিশ্বজিৎ দৈমাৰী আৰু বিনোদ ৰাজগড়ে কমল বসুমতাৰীৰ গৃহৰ পৰা এজন বন্ধুক লৈ যায় চিকাৰ কৰিবলৈ আৰু জংঘলত বিশ্বজিৎ দৈমাৰীৰ অসাৱধানতাত গুলী ওলাই যায় আৰু বিনোদৰ ঘটনাস্থলীতে মৃত্য হয়l এই ঘটনাৰ পিছতে বিশ্বজিৎ দৈমাৰীয়ে কমল বসুমতাৰীৰ গৃহত বন্দুকটো জমা দি খমাবাৰীৰ আৰু পাচলগীত বিনোদ গুলীবিদ্ধ হোৱা বুলি জানিবলৈ দিছিলl সেই অনুসৰি আৰক্ষীয়ে গুলী লগা ঘটনাস্থলীৰ ২০০ মিটাৰ এলেকাৰ ভিতৰত হাতেসজা ৰাইফল উদ্ধাৰ কৰে আৰু কমল বসুমতাৰীৰ ঘৰৰ পৰাও এটা হাতেসজা বন্দুকৰ লগতে ১৬টা লিডৰ টুকুৰা, ৪০টা ঘূৰণীয়া লিডৰ টুকুৰা, গোটা গুলী বনোৱা সামগ্ৰী, তিনিটা টেমাত গুলী বনোৱা খাৰ উদ্ধাৰ কৰেl ঘটনা সন্দৰ্ভত গোবলাই বসুমতাৰী, বিশ্বজিৎ দৈমাৰী ওৰফে সোমাইনা আৰু কমল বসুমতাৰীক বিশ্বনাথ চাৰিআলি থানাত পঞ্জীভুক্ত ১৫১/২০২০ ইউ/এছ ৩০২ আইপিচি আৰ/ডাব্লিউ ২৫১ (এ)ত তদন্ত অব্যাহত আছে l ইয়াৰে গোবলাই বসুমতাৰী ৫ বছৰ পুৰ্বে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা  এনডিএফবিৰ সদস্যl

আন এক সুত্ৰ মতে হাতেসজা বন্ধুক, গুলীৰে বনৰীয়া গাহৰি, পহু আদি চিকাৰ কৰিব যাওতে এনে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে যদিও অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ তথা এনডিএফবিৰ কাৰ্যকলাপৰ তথ্য বৰ্তমানলৈ জানিব পৰা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ কথা ব্যক্ত কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেl