Local, Vocal, Global

মোদী, জুবিন গাৰ্গ, হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ অংকন কৰা শিল্পীৰ দুৰৱস্থা

ডিজিটেল মাধ্যমে জৰুলা কৰিছে এগৰাকী শিল্পীক

এক মিনিটত ওলোটাকৈ অংকন কৰে বিভিন্ন চিত্ৰ

মাকৰ সৈতে পঁজাঘৰত জীৱন অতিবাহিত

পৰিয়ালটোৱে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য

ছবি আঁকি পোৱা কেইটামান টকাৰে পোহ-পাল দিছে পৰিয়ালটোক

বজালী নিত্যানন্দৰ সমীপৰ পাণবাৰীৰ নিবাসী চিত্ৰশিল্পী প্ৰণৱ তহবিহলদাৰ৷ শিল্পীগৰাকীয়ে নিজকে ব্যস্ত ৰাখিছে বিভিন্ন চিত্ৰ কলাত। শিল্পীগৰাকীৰ মনত অদম্য হেঁপাহ আৰু ইচ্ছা চিত্ৰক্ষেত্ৰত কিবা এটা কৰাৰ। আৰ্থিক দৈন্যতাৰ বাবে পিছ পৰি ৰ’ৱ লগা হৈছে এইগৰাকী প্ৰতিভাৱান শিল্পী। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লগত জড়িত যদিও তাৰ পৰা পোৱা মাননীৰে পৰিয়াল চলোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে শিল্পীগৰাকীয়ে৷ চৰকাৰে ঘোষণা কৰা শিল্পীসকলৰ আঁচনিৰ কোনো এটা আঁচনিয়ে ঢুকি নাপায় এনেবোৰ শিল্পীক।

ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধান মন্ত্ৰী মোদী, জুবিন গাৰ্গৰ গছৰ ঠাঁৰিৰে বিভিন্ন চিত্ৰ অংকন কৰাৰ লগতে মুখ-ভৰিৰে আৰু ওলোটাকৈ চিত্ৰ অংকন কৰে এইগৰাকী প্ৰতিভাবান শিল্পীয়ে এইগৰাকী শিল্পীক এতিয়া মাথোঁ চৰকাৰ-সুহৃদয় ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন৷ চৰকাৰী সাহায্যৰ বাবে স্থানীয় বিধায়ক প্ৰবীন্দ্ৰ ডেকালৈ আহ্বান জনাইছে শিল্পীগৰাকীয়ে ৷