Local, Vocal, Global

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মূৰব্বী ঝিওনা চানাৰ মৃত্যু

দীৰ্ঘদিনৰ পৰা বিক্কজনীত ৰোগত ভুগি থকা বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মুৰব্বী জিয়না চানাৰ দেওবাৰে নিশা বৃক্ক বিকল হোৱাত মিজোৰামৰ আইজলস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিস ৭৬ বছৰ। ১৯৪৫ চনৰ ২১ জুলাইত জন্ম গ্ৰহণ কৰা চানাই ৩৯ গৰাকী পত্নী, ৯৪ টা সন্তান, ১৪ গৰাকী বোৱাৰী, ৩৩ গৰাকী নাতি-নাতিনীসহ নীৰা নামৰ এগৰাকী আজুনাতিনীৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ বিদ্যমান পৰিয়ালৰ মুৰব্বী হোৱাৰ বিশ্ব অভিলেখ গঢ়িছে। চানাৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ১৮১ জন। চানা মিজোৰামৰ ৰাজধানী আইজলৰ দক্ষিণে ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চেৰছিপ জিলাৰ বাকটাৱং গাঁৱৰ বাসিন্দা আছিল। আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে চানাৰ মৃত্যুত শোক প্ৰকাশ কয় যে, “বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মূৰব্বী ৭৬ বছৰীয়া জিয়না চানাৰ বাবে  মিজোৰাম আৰু বকটাৱং টাংনুয়াম নামৰ গাওঁখন পৰ্যটকৰ বাবে এক আকৰ্ষণস্থলী হৈ পৰিছিল। ৮৯ টা সন্তানৰ পিতৃ চানাৰ মৃত্যুত ৰাজ্যবাসী গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতেৰ আত্মাই চিৰশান্তি লাভ কৰক।”চৰকাৰী তথ্য অনুসৰি চানাই তেওঁৰ পৰিয়ালৰ সৈতে ১০০ টা কোঠা থকা চাৰিমহলীয়া অট্টালিকা এটাত বসবাস কৰিছিল।