Local, Vocal, Global

সুশান্ত সিং ৰাজপুতৰ অনুপস্থিতত বলিউডে পাৰ কৰিলে আন এটি বছৰ

সুশান্ত সিং ৰাজপুতৰ অনুপস্থিতত বলিউডে পাৰ কৰিলে আন এটি বছৰ ৷ বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে যদিও আজিও প্ৰতিগৰাকী অনুৰাগী তথা চলচ্চিত্ৰপ্ৰেমীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি৷ অবিশ্বাস্য তথা অতি আশ্বৰ্যজনকভাৱে হঠাতে হেৰাই যোৱা সুশান্তক দেশবাসীয়ে পুনৰ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছে৷ ‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকৰ ‘মানৱ’ৰ চৰিত্ৰৰ জৰিয়তে সকলোৰে পৰিচিত তথা আপোন হৈ পৰা অভিনেতাগৰাকীয়ে ‘এম এছ ধোনী’, ‘দিল বেচ্চাৰা’, ‘কেদাৰনাথ’, ‘চিচোৰে’ আদি ছবিত কৰা অভিনয়ৰ প্ৰতিটো চৰিত্ৰই জীপাল কৰি ৰাখিছে সুশান্তৰ স্মৃতি৷
মুম্বাই ঘৰৰ নিজ কোঠাৰ ভিতৰতে আত্মহত্যা কৰা সুশান্তৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী৷ বহুকেইজন ঘনিষ্ঠ বন্ধুও আওপকীয়াকৈ চৰ্চালৈ আহিছিল সুশান্তৰ মুত্যুক কেন্দ্ৰ কৰি৷ অতি নম্ৰ তথা শান্ত প্ৰকৃতিৰ সুশান্তৰ আত্মহত্যাৰ ঘটনাটো অনুৰাগী তথা পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি ধাৰণা কৰিছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ পাছত নিশ্চিত কৰা হয় আত্মহত্যা বুলি৷ আনহাতে সুশান্তৰ মৃত্যুৰ তদন্তৰ আঁত ধৰি এতিয়াও নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৱে মুম্বাইত চলাই আছে ড্ৰাগছবিৰোধী অভিযান। সেয়া অৱশ্যে এক অন্য প্ৰসংগ। প্ৰতিভাশালী অভিনেতাগৰাকীৰ আত্মহত্যাই হিন্দী ছবিজগতৰ পৰা এগৰাকী অতি প্ৰতিভাশালী অভিনেতাক আঁতৰাই লৈ গ’ল। দি গ’ল এক অপূৰণীয় শূন্যতা