Local, Vocal, Global

দৰঙৰ চাৰি ব্যক্তিলৈ শূন্য সহনশীল বঁটা

দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাসহ ৪গৰাকী ব্যক্তিলৈ দুর্নীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শূন্য সহনশীল বঁটা ৷ শুকুৰবাৰে সংগঠনটোৱে প্রকাশ কৰা অনুসৰি, দৰঙত যোগদান কৰিয়েই ড্রাগছসহ নিচাজাতীয় দ্রব্যৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাই গ্রহণ কৰা ভূমিকাৰ বাবেই তেওঁক এই বঁটা আগবঢ়োৱা হৈছে ৷ অহা ৯ ডিচেম্বৰত গুৱাহাটী জিলা পুথিভঁৰালত এই সন্মান প্রদান কৰা হ’ব ৷

লক্ষণীয় যে একেটা অনুষ্ঠানে দৰং জিলা বিজেপিৰ যুৱ নেতা বসন্তদেৱ গোস্বামী, ছিপাঝাৰৰ দুই সাংবাদিক ক্রমে নৱ কুমাৰ শইকীয়া আৰু ঋষিপদ চহৰীয়ালৈও শূন্য সহনশীল বঁটা আগবঢ়োৱা হৈছে ৷ ১৯৯৫ চনতে সক্রিয় ৰাজনীতিত যোগদান কৰা বসন্তদেৱ গোস্বামীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু অত্যন্ত সক্রিয়তাৰে সমাজসেৱামূলক কাম কৰি আহিছে ৷ প্রতীক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্রতিষ্ঠাপক সভাপতি গোস্বামীয়ে বিভিন্ন সময়ত দুর্নীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে সমাজৰ নিছলা, শ্রমিক গোষ্ঠীৰ বিপদত সহায়–সহযোগ কৰি আহিছে৷ গোস্বামীৰ বিগত ২৭ বছৰীয়া সমাজসেৱামূলক তথা ৰাজনীতিত যি বলিষ্ঠ ভূমিকা তাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে ৷