অসম ৰাইফলছৰ কমাণ্ডিং বিষয়া, পৰিয়ালৰ সদস্য আৰু তিনিজন জোৱান উগ্ৰপন্থীৰ আক্ৰমণত নিহত
শুকুৰবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ ফলত এজন অসম ৰাইফলছৰ কমাণ্ডিং বিষয়া তেওঁৰ পৰিয়ালৰ সদস্য আৰু তিনিজন সুৰক্ষা কৰ্মী নিহত হয়।
ঘটনাটো চিংগাট মহকুমাৰ এছ চেহকেন গাঁৱৰ ওচৰত পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছিল। কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু পুত্ৰৰ মৃত্যু হয় আৰু তিনিজন অসম ৰাইফলছৰ জোৱানৰ ঘটনাস্থলীত মৃত্যু হয় আৰু আক্ৰমণত কমেও ছয়জন অসম ৰাইফলছৰ জোৱান আহত হয়।
আক্ৰমণটো সংঘটিত হোৱাৰ সময়ত বিষয়াজনে তেওঁৰ পৰিয়ালৰ সদস্য আৰু এটা কুইক ৰিএকচন দলৰ সৈতে ভ্ৰমণ কৰি আছিল। আহত জোৱানসকলক বেহিয়াং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।
মণিপুৰৰ মুখ্যমন্ত্ৰী নংথম্বাম বীৰেন সিঙে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কয় যে অপৰাধীসকলক ন্যায়ৰ সন্মুখীন কৰা হ’ব।
Strongly condemn the cowardly attack on a convoy of 46 AR which has reportedly killed few personnel including the CO & his family at CCpur today. The State forces & Para military are already on their job to track down the militants. The perpetrators will be brought to justice.
— N.Biren Singh (@NBirenSingh) November 13, 2021