য়ুহানত কৰ’নাৰ সংক্ৰমণৰ বাতৰিৰ বাবে সাংবাদিকক ৪ বছৰৰ জে’ল চীনৰ

চীনৰ য়ুহানত কৰ’নাৰ সংক্ৰমণৰ বাতৰি লাইভ সম্প্ৰচাৰ কৰাৰ বাবে এজন চিটিজেন জাৰ্ণেলিষ্টক ৪ বছৰৰ কাৰাদণ্ড দিলে চীনৰ আদালতে। মে’ মাহত ঝ্যাং ঝান নামৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল চীনৰ প্ৰশাসনে। তেওঁৰ বিৰুদ্ধে অনা হৈছিল ‘দেশৰ অভ্যন্তৰৰ গোপন খবৰ প্ৰকাশ্যে আনি সমস্যা সৃষ্টি’ৰ অভিযোগ। ২০১৯ৰ নৱেম্বৰত চীনৰ য়ুহান চহৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল। সেই পৰিস্থিতিৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ঝানে। তেওঁ অভিযোগ কৰিছিল চৰকাৰে এই মাৰাত্মক ৰোগ প্ৰতিৰোধৰ বাবে নাগৰিকক যথাযথ তথ্য দিব পৰা নাই। তাৰ পিছতে ৰোষত পৰিছিল ঝান। চৰকাৰবিৰোধী কাম-কাজত লিপ্ত থকাৰ অভিযোগত ঝানসহ মুঠ ৮জনক আটক কৰিছিল চীন চৰকাৰে। সেই দোষতে ৪ বছৰৰ কাৰাদণ্ড বিহা হ’ল ঝানক। কাৰাগাৰতে অনশন আৰম্ভ কৰিছিল লোকজনে। তাৰ মাজতে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতিৰ বাতৰিও প্ৰকাশ পাইছিল। কৰ’না ভাইৰাছ চীনৰ গৱেষণাগাৰত উৎপন্ন বুলি বিশ্বজুৰি উঠি অহা অভিযোগ তথা কৰ’না সংক্ৰমণ আৰু ক্ষতিৰ বাতৰি গোপন কৰাৰ অভিযোগত বিশ্বৰ অনেকেই আঙুলি টোঁৱাইছে চীনলৈ। তেনে পৰিস্থিতিত কৰ’নাৰ বাতৰি প্ৰচাৰ কৰা সাংবাদিকক কাৰাদণ্ড বিহা চীনৰ এই শেহতীয়া কাণ্ডক লৈয়ো বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।