Local, Vocal, Global

মাঘলৈ নৰ’ল, মঙলবাৰেই বিজেপিলৈ অজন্তা

কংগ্ৰেছ ত্যাগী অজন্তা নেওগে মঙলবাৰেই যোগ দিব ভাৰতীয় জনতা পাৰ্টীত। প্ৰথমে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ। আৰু তাৰ পিছত বিজেপিৰ অন্যতম শীৰ্ষ নেতা অমিত শ্বাহক সাক্ষাৎ। শ্বাহক সাক্ষাতৰ পিছতে বিজেপি গমনৰ সম্ভাৱনা প্ৰসংগত দীৰ্ঘদিনে নিমাতি কইনাৰ ভাও ধৰি অহা অজন্তা নেওগে স্পষ্টকৈ ঘোষণা কৰে তেওঁ বিজেপিত যোগদান কৰিব। সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা বহিষ্কৃত হোৱা অজন্তা নেওগে কেতিয়া বিজেপিত যোগদান কৰিব সেয়া নিশ্চিত হোৱা নাছিল। একাংশ সংবাদ মাধ্যমে পুহত নহয়, মাঘতহে শুভ দিন-বাৰ চাই অজন্তা নেওগে গেৰুৱা বসন পিন্ধিব বুলি চৰ্চা চলিছিল। অৱশ্যে মাঘলৈ নৰ’ল প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ। মঙলবাৰেই কংগ্ৰেছৰ আন এজন বহিষ্কৃত বিধায়ক ৰাজদ্বীপ গোৱালাৰ সৈতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব গোলাঘাটৰ জ্যেষ্ঠ ৰাজনৈতিক নেত্ৰীগৰাকীয়ে। হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত পুৱা ১১ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্যসকলৰ উপস্থিতিত যোগ দিব গেৰুৱা দলত।